
ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৭ জুলাইঃ
প্ৰতিবৰ্ষৰ দৰে এইবাৰো আজি দিনযোৰা কাৰ্য্য সূচীৰে নগাঁৱৰ ডিমৰুগুড়িত অৱস্থিত জে,কে,এ (JKA)অসমৰ মূখ্য প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হোৱা কাৰাটে প্ৰতিযোগিতা খনি সফলতাৰে সম্পন্ন হৈ যায়৷ কাৰ্য্য সূচীৰ অংশ হিচাপে জে,কে,এ ৰ নগাঁও জিলাৰ মুঠ ১৮ টা ক্লাবৰ ১৭২ জন খেলুৱে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতা খনিত সৰ্বমুঠ ৫২ টা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। নগাঁও পৌৰসভাৰ উপ -পৌৰপতি সীমান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত কুমিটে শাখাত প্ৰথম স্থান দখল কৰে ডিমৰুগুৰি কাৰাটে একাডেমীয়ে আৰু লগতে দলীয় সন্মানীয় কাটা শাখাত প্ৰথম স্থান লাভ কৰে পুৰণিগুদামৰ কাৰাটে একাডেমীয়ে৷ ইপিনে প্ৰতিযোগিতা খনিত ল’ৰাৰ শ্ৰেষ্ঠ কাৰাটেকা সন্মান ২০২৬ ৰ স্থান লাভ কৰে যুটীয়াভাৱে প্ৰতীক দাস আৰু কৌশিক কাংকান মহন্তই। তাৰোপৰি ২০২৬ বৰ্ষৰ ছোৱালীৰ শ্ৰেষ্ঠ কাৰাটেকা সন্মান লাভ কৰে শ্যমলীকা বৰাই৷ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি ব্যক্তিগত শাখা ক্ৰমে কাটা,কুমিটে আৰু কিহনৰ পৰাও ভালেসংখ্যক প্ৰতিযোগীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ যে জে,কে,এ অসমৰ মুখ্য প্ৰশিক্ষক লীলা বৰাই অনাগত দিন সমূহত অসমৰ অনুশীলন কৰা ছাত্ৰ-ছাত্ৰী সকলৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰে।

