মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ ৰাজ্যিক পৰ্যালোচনা বৈঠক
দিছপুৰ, ২১ আগষ্ট ২০২৬ : দক্ষতা, নিয়োগ, উদ্যমিতা আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি দিছপুৰ, জনতা ভৱনৰ ‘আই’ ব্লকত ‘SEED’ (দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ)ৰ এখন ৰাজ্যিক পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰে। এই বৈঠকত ৰাজ্যখনৰ বিভিন্ন জিলাৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (ITI) সমূহৰ জ্যেষ্ঠ অধ্যক্ষ, অধ্যক্ষ আৰু অধীক্ষকসকলৰ উপৰি বিভিন্ন নিয়োগ বিনিময় কেন্দ্ৰৰ উপ-নিয়োগ সঞ্চালক…

