গুৱাহাটীত “অসমৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ শক্তিশালীকৰণ সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা”ত কৃষি মন্ত্ৰী পীযুষ হাজৰীকা
কৃষিৰ বহুমুখীকৰণ আৰু উচ্চ মূল্যৰ শস্যৰ ওপৰত গুৰুত্ব আৰোপেৰে কৃষি বিভাগৰ ৫ বছৰীয়া ৰোডমেপ প্ৰস্তুতৰ লক্ষ্য: কৃষিমন্ত্ৰী হাজৰীকা দিশপুৰ, ২৪ আগষ্ট: অসমৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ বাণিজ্যিক সম্ভাৱনা শক্তিশালী কৰাৰ লক্ষ্যৰে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অংশগ্ৰহণ কৰি কৃষিমন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই ৰাজ্যৰ কৃষিখণ্ডক অধিক…

