ষ্টাফ ৰিপৰ্টাৰ, খাৰুপেটীয়া ২৮ জুলাই: দৰং জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগ, দৰঙৰ সহযোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অসমৰ বিশিষ্ট স্বাধীনতা সংগ্ৰামী, দেশপ্ৰেমিক, সমাজসংস্কাৰক তথা জননেতা দেশভক্ত তৰুণৰাম ফুকনদেৱৰ পৱিত্ৰ মৃত্যু তিথি উপলক্ষে গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত দেশভক্তি দিৱস উদযাপন কৰা হয়। জিলা আয়ুক্ত আয়ুষী জৈনৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক, জ্যেষ্ঠ চিকিৎসক…