বিভিন্ন বিভাগৰ মাজত সমন্বয়ৰ জৰিয়তে সমস্যাসমূহ সমাধানৰ ওপৰত গুৰুত্ব
সমন্বিত দৃষ্টিভংগীৰে কাম ক্ষিপ্ৰতৰ কৰি মহানগৰবাসীলৈ বিশুদ্ধ পানী যোগান নিশ্চিত কৰাৰ নিৰ্দেশ


দিছপুৰ, ২১ আগষ্ট: গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি দক্ষিণ-মধ্য গুৱাহাটী আৰু দক্ষিণ-পূব গুৱাহাটী পানী যোগান প্ৰকল্পৰ বিভিন্ন গুৰুত্বপূৰ্ণ অংশ পৰিদৰ্শন কৰি প্ৰকল্প দুটাৰ সামগ্ৰিক অগ্ৰগতিৰ বুজ লয়। তদুপৰি বিভিন্ন সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু প্ৰতিনিধিৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বিষয়ে বিতংভাৱে পৰ্যালোচনা কৰে।
গুৱাহাটী জল ব’ৰ্ডৰ অধীনত চলি থকা পানী যোগান প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনাৰ অংশ হিচাপে লোৱা পৰিদৰ্শন কাৰ্যসূচীত দুয়োটা প্ৰকল্পৰ জল পৰিশোধন প্ৰকল্প (Water Treatment Plant), ৰামচাহিলস্থিত মাষ্টাৰ বেলেন্সিং ৰিজাৰ্ভাৰ আৰু গোপাল নগৰস্থিত মাষ্টাৰ বেলেন্সিং ৰিজাৰ্ভাৰ পৰিদৰ্শন কৰা হয়। লগতে প্ৰকল্পসমূহৰ অন্যান্য গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু সুবিধাসমূহৰো পৰিদৰ্শন কৰা হয়।
মন্ত্ৰীগৰাকীয়ে পানী যোগান ব্যৱস্থাটো সুচাৰুৰূপে পৰিচালনা কৰাৰ লগতে ৰাইজলৈ নিয়মীয়া আৰু বিশুদ্ধ খোৱাপানী যোগান নিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ বাবে কাম ক্ষিপ্ৰতৰ কৰাৰ লগতে নিৰ্ধাৰিত গুণগত মান অক্ষুণ্ণ ৰাখিবলৈও অভিযন্তা আৰু বিষয়াসকলক নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে, দক্ষিণ-মধ্য গুৱাহাটী পানী যোগান প্ৰকল্পৰ পানী পৰিশোধন ক্ষমতা দৈনিক ১৯১ নিযুত লিটাৰ। আনহাতে, দক্ষিণ-পূব গুৱাহাটী পানী যোগান প্ৰকল্পৰ অধীনত দৈনিক ৯৮ নিযুত লিটাৰ পানী পৰিশোধন ক্ষমতাসম্পন্ন প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে, যাৰ ক্ষমতা পৰৱৰ্তী সময়ত দৈনিক ১৪৭ নিযুত লিটাৰলৈ বৃদ্ধি কৰিব পৰা যাব। প্ৰকল্পটোৰ বিতৰণ ব্যৱস্থাৰ অধীনত ৪৬টা District Metered Area (DMA) সামৰি লোৱা হৈছে।
মন্ত্ৰীগৰাকীয়ে আজি ছাত্ৰীবাৰীৰ ব’ৰচলা বিলৰ সমীপত প্ৰস্তাৱিত গুৱাহাটী পয়ঃপ্ৰণালী প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰি প্ৰস্তাৱিত প্ৰকল্পটোৰ অগ্ৰগতিৰ বিষয়েও পৰ্যালোচনা কৰে। জাইকা-ৰ সহযোগিতাত ৰূপায়ণ হ’বলগীয়া গুৱাহাটী পয়ঃপ্ৰণালী প্ৰকল্পটোৰ জৰিয়তে আধুনিক পয়ঃপ্ৰণালী ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ অধীনত পয়ঃনলা নেটৱৰ্ক, পাম্পিং ষ্টেচন আৰু পয়ঃপানী পৰিশোধন ব্যৱস্থা স্থাপন কৰা হ’ব। ইয়াৰ ফলত গুৱাহাটীৰ অনাময় ব্যৱস্থা, জনস্বাস্থ্য আৰু সামগ্ৰিক জীৱন-যাত্ৰাৰ মান উন্নত হোৱাৰ আশা কৰা হৈছে।
পৰৱৰ্তী সময়ত মন্ত্ৰী কৌশিক ৰায়ে গুৱাহাটী জল ব’ৰ্ডৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত অনুষ্ঠিত এক বিতং প্ৰকল্প পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। বৈঠকত দক্ষিণ-মধ্য আৰু দক্ষিণ-পূব গুৱাহাটী পানী যোগান প্ৰকল্পৰ সামগ্ৰিক অগ্ৰগতি পৰ্যালোচনা কৰা হয়। বিভিন্ন বিভাগৰ মাজত সমন্বয়ৰ প্ৰয়োজন হোৱা বিষয়সমূহো বিতংভাৱে আলোচনা কৰা হয়। প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত থকা বিভিন্ন বাধা দূৰ কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ ওপৰত বৈঠকত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
বিষয়াসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ লগতে গুৱাহাটীবাসীক নিৰ্ভৰযোগ্য বিশুদ্ধ পানী যোগান নিশ্চিত কৰাটোৱেই মূল লক্ষ্য হোৱা উচিত বুলি উল্লেখ কৰে। প্ৰকল্পৰ কাম-কাজ নিবিড়ভাৱে নিৰীক্ষণ কৰাৰ লগতে ৰূপায়ণত দেখা দিয়া সমস্যাসমূহ সমন্বিত প্ৰচেষ্টাৰে সময়মতে সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট অভিযন্তা আৰু বিষয়াসকলক নিৰ্দেশ দিয়ে।
পৰ্যালোচনা বৈঠকত দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈ, নিউ গুৱাহাটী সমষ্টিৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মা আৰু ডিমৰীয়াৰ বিধায়ক ড° তপন দাসে নিজ নিজ মতামত ব্যক্ত কৰাৰ লগতে প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।
বৈঠকত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব ড° জীৱন বি, গুৱাহাটী জল ব’ৰ্ডৰ পৰিচালন সঞ্চালক ৰোহন কুমাৰ ঝা, জি এম চি-ৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকনৰ লগতে লোক নিৰ্মাণ, জলসম্পদ বিভাগ, উত্তৰ-পূব সীমান্ত ৰে’লৱে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ আন্ত:গাঁথনি উন্নয়ন নিগম লিমিটেড, পাৱাৰ গ্ৰীড আৰু অন্যান্য সংশ্লিষ্ট বিভাগ তথা সংস্থাৰ বিষয়াসকল উপস্থিত থাকে।

