মৰঙিত পথ দুৰ্ঘটনা গুৰুতৰ ভাবে আহত দুই অভিযন্তাসহ চালক

ষ্টাফ ৰিপ’ৰ্টাৰ, নুমলীগড়,২৮ জুলাইঃ
নুমলীগড় আৰক্ষী থানাৰ অধীনৰ মৰঙিৰ ১২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাটকটীয়া গাৱঁত আজি এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। কাজিৰঙাৰ পৰা ডিমাপুৰ অভিমুখে আহি থকা অৱস্থাত এটা কেকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মাৰে NL 06 CE 0670 নম্বৰৰ টাটা পাঞ্চ বাহনখনে। জানিব পৰামতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত দুজনকৈ অভিযন্তা সহ তিনিজনকৈ লোক। অভিযন্তা দুজনৰ নাম সনানন্দ,আৰু তপন বুলি জানিব পৰা গৈছে৷ আনহাতে চালক জনৰ নাম উমেশ পণ্ডিত বুলি জানিব পৰা হৈছে৷ ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত হৈ গুৰুত্বৰ ভাৱে আহত কেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *