মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত লোকসেৱা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ

২৫ জুলাই, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত অসম মন্ত্ৰী পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত তলত দিয়া সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়–
1. ৰাজ্যিক কেবিনেটে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলে জীৱিকা আৰু উদ্যোগৰ উদ্দেশ্যে নিৰ্ধাৰিত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক, সমবায় বেংক বা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণাধীন অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা সৰ্বাধিক ১০ লাখ টকা পৰ্যন্ত গ্ৰহণ কৰা ব্যক্তিগত ঋণৰ নথি-পত্ৰত ষ্টাম্প শুল্ক ৰেহাই দিয়াত অনুমোদন জনাইছে৷
2. ৰাজ্যিক কেবিনেটে অসম আয়ুৰ্বেদিক স্বাস্থ্য সেৱা বিধি, ২০২৬ত অনুমোদন জনাইছে৷ এই বিধিয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত অসম আয়ুৰ্বেদিক স্বাস্থ্য সেৱাত নিযুক্ত আয়ুৰ্বেদিক চিকিৎসা বিষয়াসকলৰ নিয়োগ আৰু সেৱাৰ চৰ্তসমূহ নিয়ন্ত্ৰণ কৰিব৷ এই বিধিৰ জৰিয়তে AYUSH শিক্ষাৰ দায়িত্ব চিকিৎসা শিক্ষা সঞ্চালকালয়ক অৰ্পণ কৰা হ’ব৷
3. ৰাজ্যিক কেবিনেটে অহা অক্টোবৰ মাহৰ পৰা ২০২৭ বৰ্ষৰ মাৰ্চ মাহলৈ মচুৰ দাইল আৰু চেনিৰ ক্ৰয় ব্যৱস্থাত অনুমোদন জনাইছে৷ ইয়াৰ অধীনত ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন অৱ ইণ্ডিয়া লিমিটেড [NAFED]-এ বজাৰ মূল্যৰ ভিত্তিত নিবিদা আহ৩ান কৰি মচুৰ দাইল আৰু চেনি যোগানৰ মূল্য নিৰ্ধাৰণ কৰিব৷
4. ৰাজ্যিক কেবিনেটে অসমত সম্পত্তি পঞ্জীয়ন ব্যৱস্থাৰ ব্যাপক সংস্কাৰত অনুমোদন জনাইছে৷ এই সংস্কাৰৰ অন্তৰ্গত বিক্ৰয় চুক্তি, উন্নয়ন চুক্তি, পাৱাৰ অৱ এটৰ্নী, হ্ৰস্বম্যাদী লীজ, ইকুইটেবুল মৰ্টগেজ, বিক্ৰয় প্ৰমাণপত্ৰ, বেংক গেৰাণ্টী, মাৰ্জাৰযডিমাৰ্জাৰৰ জৰিয়তে সম্পত্তিৰ হস্তান্তৰ আদিক বাধ্যতামূলক পঞ্জীয়নৰ আওতালৈ অনা হ’ব৷
5. ৰাজ্যিক কেবিনেটে অসমৰ চিকিৎসা মহাবিদ্যালয় আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ত [প্ৰথম বৰ্ষৰ এম বি বি এছযবি ডি এছ পাঠ্যক্ৰমত নামভৰ্তি নিয়ন্ত্ৰণ বিধি] অধিনিয়ম ২০১৭১ সংশোধনীত অনুমোদন জনাইছে৷ ইয়াৰ জৰিয়তে ২০২৬ শিক্ষা বৰ্ষৰ পৰা মৰাণ, মটক, টাই আহোম, চুতীয়া আৰু কোচ-ৰাজবংশী সম্প্ৰদায়ৰ বাবে বৰ্তমানে থকা আসনৰ সংখ্যা এখনকৈ বৃদ্ধি কৰা হৈছে৷ ইয়াৰ ফলত মৰাণ সম্প্ৰদায়ৰ আসনৰ সংখ্যা ৮১ পৰা জ্ঝখন, মটকৰ ৮১ পৰা জ্ঝখন, টাই আহোমৰ ১০১ পৰা ১১খন, চুতীয়াৰ ৯১ পৰা ১০খন আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ আসনৰ সংখ্যা ১৩১ পৰা ১৪খন হয়৷
6. ৰাজ্যিক কেবিনেটে ৰাজ্যৰ বাহিৰত অধ্যয়ন কৰা অসমৰ বাসিন্দাসকলৰ বাবে ৰাজ্যিক কোটা সহজ কৰিবলৈ জিলা আয়ুক্তৰ দ্বাৰা জাৰি কৰা প্ৰমাণপত্ৰৰ অনুমোদিত আৰ্হি [অসমৰ মহাধিবক্তাৰ দ্বাৰা পৰীক্ষিত] আনুষ্ঠানিকভাৱে বিধিত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ৰাজ্যৰ স্থায়ী নিবাসী অনাথ প্ৰাৰ্থীৰ বাবে দুখন এম বি বি এছ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *