আত্মহত্যা নে আন কিবা ?
নিৰপেক্ষ তদন্তৰ দাবী পৰিয়ালৰ

ওদালগুৰি পৰা অখিল কলিতা, ২৮ জুলাই: ওদালগুৰি জিলা কাৰাগাৰৰ দৰে উচ্চ সুৰক্ষাসম্পন্ন স্থানৰ ভিতৰত এজন হাজোতিৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাটোক লৈ বিভিন্ন মহলত আত্মহত্যা নে আন কোনো অপৰাধমূলক ঘটনাৰ ফল—সেই প্ৰশ্ন উত্থাপিত হৈছে। অৱশ্যে, আৰক্ষী বা সংশ্লিষ্ট তদন্তকাৰী সংস্থাই এতিয়ালৈকে মৃত্যুৰ কাৰণ সম্পৰ্কে কোনো চূড়ান্ত মন্তব্য কৰা নাই। জানিব পৰা মতে POSCO গোচৰত অভিযুক্ত হৈ কাৰাগাৰত থকা জিলা খনৰ আমিনপাৰাৰ বাদশ্বাহ আলিৰ পত্নীৰ অভিযোগ অনুসৰি, মৃত্যুৰ প্ৰায় দুঘণ্টা পূৰ্বে তেওঁ স্বামীৰ সৈতে ফোনযোগে কথা পাতিছিল। কিন্তু ৫০ টকা দিব নোৱাৰাৰ বাবে ভিডিঅ’ কল কৰিব পৰা নগ’ল বুলি তেওঁ দাবী কৰিছে। অভিযোগটো সত্য হ’লে, জেলৰ ভিতৰত ধনৰ বিনিময়ত ভিডিঅ’ কলৰ সুবিধা কেনেদৰে চলি আছিল, সেয়া তদন্তৰ এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। ইয়াৰ লগতে, জেলৰ ভিতৰত এনে ঘটনা কেনেকৈ সংঘটিত হ’ল, সেই বিষয়েও বহু প্ৰশ্ন উত্থাপিত হৈছে। ঘটনাৰ সময়ত সুৰক্ষা ব্যৱস্থা, নজৰদাৰী, চিচিটিভি পৰ্যবেক্ষণ আৰু কৰ্তব্যৰত জেল কৰ্মচাৰীসকলৰ দায়িত্ব পালনত কোনো গাফিলতি বা অৱহেলা আছিল নেকি, সেই বিষয়সমূহৰো নিৰপেক্ষ তদন্তৰ দাবী উঠিছে। ইতিমধ্যে মৃত হাজোতি গৰাকীৰ পত্নীয়ে ওদালগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ঘটনাটোৰ সম্পূৰ্ণ তদন্তৰ দাবী জনাইছে। তেওঁৰ মতে, ঘটনাটোৰ প্ৰকৃত সত্য উদঘাটন হ’লেহে মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব। আনহাতে ওদালগুৰি জিলা কাৰাগাৰৰ অধীক্ষক গৰাকীয়ে জানিবলৈ দি কয় হাজোতি জনে আবেলি প্ৰায় ২,৩০ মান বজাত নিজৰ গামোছাৰে ডিঙিত মেৰিয়াই আত্মহত্যা কৰে।বিভিন্ন আইন বিশেষজ্ঞসকলৰ মতে, জেলৰ দৰে সুৰক্ষিত স্থানত সংঘটিত যিকোনো অস্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰত প্ৰতিটো দিশ—ফৰেনছিক পৰীক্ষা, চিচিটিভি ফুটেজ আৰক্ষীৰ অনুসন্ধানত সমগ্ৰ ঘটনা পোহৰলৈ আহিব।

