
বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত নোৱাপাৰা বজাৰত একেনিশাই চাৰিখনকৈ দোকানত চুৰিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে বজাৰখনত চোৰে অভিযান চলাই মহম্মদ আলীৰ দোকানৰ পৰা ৮০০০ টকা মূল্যৰ লোকেল আৰু ব্ৰয়লাৰ মুৰ্গী, প্ৰায় ৫০০ টকা নগদ ধন, হকিব আলীৰ দোকানৰ পৰা ৫০০০ টকা মূল্যৰ ব্ৰয়লাৰ মুৰ্গী, কৃষ্ণ ৰাজভৰৰ পাচলিৰ দোকানৰ পৰা কিছু আলু পিয়াজ ইত্যাদি আৰু পাৰ্বতি মালাৰ পান তামোলৰ দোকানৰ পৰা পৰা চিগাৰেট, শিখৰ, বিড়ি ইট্যাদি কিছু খুচুৰা সামগ্ৰী লৈ যায়। ভূক্তভোগী মহম্মদ আলীয়ে ইতিমধ্যে মাণিকপুৰ থানাত এজাহাৰ দাখিল কৰিছে আৰু আনকেইজনেও এজাহাৰ দাখিল কৰিবলৈ প্ৰস্তুতি চলাই আছে।

