লখিমপুৰত দেশভক্তি দিৱস পালন

লখিমপুৰৰ পৰা জিয়াউল আলী,২৮ জুলাইঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি লখিমপুৰতো দেশভক্তি দিৱস পালন কৰা হয়। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুৰ দিনটোত পালন কৰা দেশভক্তি দিৱসত তেখেতৰ প্ৰতিচ্ছবিত বন্তিপ্ৰজ্বলন কৰে লখিমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলনীৰ সভাপতি ভোলানাথ নগৰীয়াই ৷ ইয়াৰ পাছতেই দেশভক্ত তৰুণৰাম ফুকনৰ বিষয়ে সভা অনুষ্ঠিত কৰা হয় । জাতীয় সংগীতেৰে শুভাৰম্ভ কৰা সভাখনত জিলা অতিৰিক্ত আয়ুক্ত কোকিলা গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে আঁতধৰা অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকি উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড° দিগন্ত হাতীবৰুৱাই তেখেতৰ বক্তব্যত দেশৰ স্বাধীনতা আন্দোলনত তৰুণৰাম ফুকনে আগবঢ়োৱা অৱদানৰ লগতে মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনত অন্যতম সেনানীগৰাকীৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। মুক্তিযুঁজাৰু ভোলানাথ নগৰীয়া আৰু উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° মুকুল বৰাই ভাষণ প্ৰসংগত দেশভক্তি দিৱসৰ লক্ষ্য-উদ্দেশ্য আৰু তৰুণৰাম ফুকনৰ ভাৰত ত্যাগ আন্দোলনৰ উপৰিও অসমৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ কথা উল্লেখ কৰে ৷ উপাচাৰ্য ড° বৰাই তেখেতৰ ভাষণত দেশভক্ত তৰুণৰাম ফুকনৰ দেশভক্তি আৰু বৰ্তমান সময়ৰ দেশভক্তিৰ পাৰ্থক্যক লৈ এক তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰে ৷ আজি অনুষ্ঠিত এই দেশভক্তি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তি সকলক লখিমপুৰ জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই শলাগৰ শৰাই আগবঢ়ায় ৷ অনুষ্ঠানটিত উপস্থিত থাকে লখিমপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা, উত্তৰ লখিমপুৰ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ সমিৰণ কোঁৱৰ, মুক্তিযোদ্ধা গোলোক হাজৰিকা, অগপ লখিমপুৰ জিলা সভাপতি দীপক বৰদলৈ, জিলা উন্নয়ন আয়ুক্ত মনোৰঞ্জন পায়েং, অতিৰিক্ত আয়ুক্ত ক্ৰমে মাধূৰ্য বৰগোহাঞি, ভাস্কৰ জ‍্যোতি বৰা, কেচিঅ’ কৰণ পেগু, জিলা তথ্য আৰু জনসংযোগ বিষয়া প্ৰাচুৰ্য্য প্ৰতিম নেওগ, জিলা চৰকাৰী পেঞ্চনাৰ সন্থাকে প্ৰমুখ্যে কৰি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ লগতে জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী, তথ্য -জনসংযোগ বিভাগৰ কৰ্মচাৰী আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *