বিহালী ইটাভাটা মালিক পক্ষৰ উদ্যোগত বানপীড়িত ৰাইজলৈ সাহাৰ্য বিতৰণৰ বাবে বিহালীৰ পৰা শিৱসাগৰলৈ যাত্ৰা আৰম্ভ



বিহালী ২৮ জুলাই, আজি বিহালী ইটাভাটা মালিক পক্ষৰ উদ্যোগত উজনি অসমৰ বানপীড়িত ৰাইজক সাহাৰ্য প্ৰদানৰ বাবে ২ হেজাৰ টা পৰিয়ালৰ বাবে সামগ্ৰীলৈ এটা দল শিৱসাগৰলৈ ৰাওনা হয় ।এই কাৰ্যসূচীত মোৱাৰক হুছেইন,সুভাষ আগৰৱালা,জৈনুন্দিন আনচাৰী,আব্দুল ৰহমান শ্বেখ,মুকুট ভট্টাচাৰ্য,জিয়াৰুল হক,মজনুৰ আলম,জাকিৰ খান,শ্বফিক আনচাৰী,মণিলাল শৰ্মা,বিকি মিশ্ৰ,ৰেকিব শ্বেখ,আনোৱাৰ আলি,চামচাদ আনচাৰি
সহ ইটা ভাটাৰ মালিক পক্ষই উজনি অসমৰ বানপানীড়িত ৰাইজলৈ দুইহাজাৰ বিচনা চাদৰ,আঁঠুৱা,গামোছা,পানী বটল আৰু মহ খেদা ধূপ লৈ যাত্ৰা কৰে।এই সাহাৰ্যখিনি প্ৰকৃত ক্ষতিগ্ৰস্থই যাতে লাভ তাৰ বাবে শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ লগত যোগাযোগ কৰি দিছে বুলি ইটাভাটাৰ মালিক পক্ষই জানিবলৈ দিছে।এনে দুৰ্যোগৰ সময়ত বৰগাং ইটাভাটা স্বত্বাধিকাৰীসকলৰ পদক্ষেপক স্হানীয় ৰাইজে প্ৰশংসা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *