বিশ্বনাথ জিলাৰ বিহালী জিনজিয়া আৰক্ষীৰ অভিযানত ৪ জন গৰু চোৰ আটক, দুখন বাহন সহ ২ টা গোধন উদ্ধাৰ

বিশ্বনাথৰ পৰা খগেন মটকৰ ৰিপ’ৰ্ট, জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰীত আজি দুখন বাহন ২টা গোধনসহ ,৪ জন গৰু চোৰ আটক আৰক্ষীৰ। বিগত কিছুদিন ধৰি বাঘমাৰী আৰু নিজ বাঘমাৰী অঞ্চলত গৰু চুৰিৰ ঘটনা বৃদ্ধি পোৱাত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিনজিয়া আৰক্ষীয়ে। গৰু চুৰি ৰোধ কৰাৰ উদ্দেশ্যে আৰক্ষীয়ে অপাৰেচন গো ৰক্ষক নামৰ এক বিশেষ অভিযান চলাই আজি ৪ জন গৰু চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লগতে গৰু কঢ়িয়াই দুখন বাহন আৰু ২ টা গৰু গোধন আৰক্ষীয়ে জব্দ কৰিছে। গ্ৰেপ্তাৰ কৰা লোক কেইজনৰ হ’ল ইমৰাজোল হক, মাৰফাত আলী এই দুয়োজন তেজপুৰৰ। লগতে দিলজাহাৰ হুছেইন, বাচিদুল হক বাঘমাৰীৰ হয়। আজি চাৰিওজনক জিনজিয়া আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *