পাঠশালাত সৰ্প দংশনৰ চিকিৎসাত পুনৰ সফলতা

শ্বহীদ মদন ৰাউটা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক-স্বাস্থ্যকৰ্মীৰ তৎপৰতাত বিপদমুক্ত মহিলা, বজালীবাসীৰ বাবে আশাৰ সঞ্চাৰ

পাঠশালা, ২৫ জুলাই: বজালী জিলাৰ পাঠশালাস্থিত শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ে পুনৰ এবাৰ সৰ্প দংশনৰ জৰুৰী চিকিৎসাত উল্লেখযোগ্য সফলতা লাভ কৰি গুণগত স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত নিজৰ দক্ষতা আৰু দায়বদ্ধতাৰ পৰিচয় দিছে। চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ তাৎক্ষণিক সিদ্ধান্ত, সমন্বিত প্ৰচেষ্টা আৰু সময়োপযোগী চিকিৎসাৰ ফলত এগৰাকী সৰ্প দংশনৰ বলিক সফলতাৰে সুস্থ কৰি তোলাত সক্ষম হয় চিকিৎসালয়খন। জানিব পৰা মতে, কালি সন্ধিয়া প্ৰায় ৮:২০ বজাত বজালী জিলাৰ দৈশিংগৰী গাঁৱৰ বাসিন্দা ভটিমা দাস চিকিৎসাৰ বাবে শ্বহীদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হয়। চিকিৎসালয়ত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতে তেওঁৰ দেহত বিষাক্ত সৰ্প দংশনৰ লক্ষণ স্পষ্টভাৱে দেখা দিয়ে। পৰিস্থিতিৰ গুৰুত্ব অনুধাৱন কৰি কৰ্তব্যৰত চিকিৎসকসকলে কোনো ধৰণৰ সময় অপচয় নকৰি তৎক্ষণাত চিকিৎসা আৰম্ভ কৰে। প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষাৰ লগতে ৰোগীগৰাকীক এণ্টি-স্নেক ভেনম প্ৰদান কৰা হয় আৰু পৰ্যবেক্ষণত ৰখা হয়।চিকিৎসাৰ ইতিবাচক সঁহাৰিৰ ফলত কিছু সময়ৰ ভিতৰতে ৰোগীগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ উন্নতি ঘটে আৰু তেওঁ বিপদমুক্ত হয়। এই সফলতাই চিকিৎসালয়খনৰ চিকিৎসা ব্যৱস্থাপনা, জৰুৰীকালীন সঁহাৰি আৰু স্বাস্থ্যকৰ্মীসকলৰ পেছাদাৰী মনোভাৱক পুনৰ এবাৰ প্ৰতিফলিত কৰিছে। এই চিকিৎসা কাৰ্যত নেতৃত্ব দিয়ে ডা. শুভ্ৰদীপ ভৰদ্বাজে। তেওঁক সহযোগিতা আগবঢ়ায় ষ্টাফ নাৰ্ছ মৰীয়ম বেগম, মামুদা আলম, কংকন ৰয়, মুন তালুকদাৰ, মমি পূজাৰী, জিন্তিমনি দাস আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী অজয় দৈমাৰীয়ে। চিকিৎসক, নাৰ্ছ আৰু অন্যান্য স্বাস্থ্যকৰ্মীৰ সমন্বিত আৰু আন্তৰিক প্ৰচেষ্টাৰ ফলতেই ৰোগীগৰাকীক সময়মতে জীৱন ৰক্ষাকাৰী চিকিৎসা প্ৰদান কৰা সম্ভৱ হয়। উল্লেখযোগ্য যে, শ্বহীদ মদন ৰাওতা অসামৰিক চিকিৎসালয়ত বৰ্তমান সৰ্প দংশনৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় এণ্টি-স্নেক ভেনম, প্ৰশিক্ষিত চিকিৎসক, দক্ষ নাৰ্ছিং কৰ্মী আৰু জৰুৰী চিকিৎসা সুবিধা নিয়মীয়াকৈ উপলব্ধ আছে। ফলস্বৰূপে বজালী জিলাৰ লগতে কাষৰীয়া অঞ্চলৰ লোকসকলেও এই চিকিৎসালয়ত সময়মতে উন্নত চিকিৎসা লাভ কৰি উপকৃত হৈছে। সাম্প্ৰতিক সময়ত চিকিৎসালয়খনত সৰ্প দংশনৰ কেইবাটাও ৰোগীক সফলতাৰে চিকিৎসা প্ৰদান কৰা হৈছে, যিয়ে স্বাস্থ্যসেৱাৰ মানদণ্ডক অধিক শক্তিশালী কৰি তুলিছে। বৰ্ষাকালত সৰ্পৰ উপদ্ৰৱ বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক হোৱাৰ প্ৰেক্ষাপটত চিকিৎসালয় কৰ্তৃপক্ষই জনসাধাৰণক বিশেষ সজাগতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। সাপে কামুৰিলে কুসংস্কাৰ, ঘৰুৱা চিকিৎসাৰ আশ্ৰয় লৈ মূল্যৱান সময় অপচয় নকৰি তৎক্ষণাত নিকটৱৰ্তী স্বাস্থ্য প্ৰতিষ্ঠান অথবা শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত উপস্থিত হ’বলৈ অনুৰোধ জনোৱা হৈছে। সৰ্প দংশনৰ ক্ষেত্ৰত সময়মতে বৈজ্ঞানিক চিকিৎসা লাভ কৰাটোৱেই জীৱন ৰক্ষাৰ মূল চাবিকাঠি বুলি চিকিৎসকসকলে উল্লেখ কৰিছে। শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ৰ এই সফলতাই বজালী জিলাৰ স্বাস্থ্যসেৱাৰ ওপৰত জনসাধাৰণৰ আস্থা অধিক সুদৃঢ় কৰাৰ লগতে চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানসমূহত উন্নত আৰু সময়োপযোগী জৰুৰী চিকিৎসা সেৱা উপলব্ধ থকাৰ এক উজ্জ্বল নিদৰ্শন হিচাপে পৰিগণিত হৈছে। এই সফল চিকিৎসাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে, সময়মতে সঠিক চিকিৎসা লাভ কৰিলে সৰ্প দংশনৰ দৰে জৰুৰী পৰিস্থিতিতো ৰোগীৰ জীৱন ৰক্ষা কৰাটো সম্পূৰ্ণ সম্ভৱ।

Leave a Reply

Your email address will not be published. Required fields are marked *