ক্ৰিকেট খেলুৱৈক এক লাখ টকাৰ চেক প্ৰদান

Oplus_16908288

ওদালগুৰি, ২৬ জুলাই: ওদালগুৰী জিলাৰ হৰিশিঙা সমষ্টিৰ অৰ্ন্তগত পুতিয়াখাত গাৱঁৰ এটি দৰিদ্ৰ পৰিয়াল মহম্মদ তাইজুদ্দিনৰ আলিৰ সুযোগ্য সন্তান ১৬ বছৰীয়া  আক্লিমা খাতুনক আজি ৰবিবাৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এক লাখ টকাৰ এটি চেক প্ৰদান কৰে । উল্লেখ্য যে, যোৱা কিছুদিন পুৰ্বে অসমৰ পৰা ক্ৰিকেতট প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল অক্লিমা খাতুন। বৰ্তমান তাই বেংলোৰত ক্ৰিকেটত প্ৰশিক্ষন লৈ আছে ।তাইক আৰ্থিক ভাবে সহায়ৰ হাত আগবঢ়াই আজি মাননীয় বিটিচিৰ চীফ হাগ্ৰামা মহিলাৰীয়ে এক লাখ টকাৰ চেক  প্ৰদান কৰে । উক্ত চেক খন বিটিচিৰ মুৰব্বীৰ হৈ বিপিএফ দলৰ এটি প্ৰতিনিধি দলে তাইৰ মাতৃ আৰু পিতৃৰ হাতত অৰ্পণ কৰে। প্ৰতিনিধি দলৰ নেতৃত্ব দিয়ে উত্তম মণ্ডল আৰু জগদীশ সৰকাৰে। চেক গ্ৰহণ কৰাৰ পিছত হাগ্ৰামা মহিলাৰীক বহুত ধন্যবাদ জনাই আক্লিমা খাতুনৰ পৰিয়াল বৰ্গয়।

Leave a Reply

Your email address will not be published. Required fields are marked *