
ষ্টাফ ৰিপ’ৰ্টাৰ ৰঙাপৰা, ২৭ জুলাইঃ
শোণিতপুৰ জিলাৰ ঐতিহাসিক ৰঙাপৰা নৰ্থ ৰে’লৱে জংচন (পুৰণি) সংৰক্ষণ কৰি ইয়াক ৰে’লৱে ঐতিহ্য সংগ্ৰহালয়, ঐতিহ্য উদ্যান অথবা ঐতিহ্যস্থল হিচাপে গঢ়ি তোলাৰ দাবী উত্থাপন কৰিছে ৰঙাপৰাৰ বিশিষ্ট জেষ্ঠ্য নাগৰিক বুধিন্দ্ৰ বৈশ্যই। এই সন্দৰ্ভত তেওঁ ৰে’ল বিভাগলৈ এখন আবেদন-পত্ৰ প্ৰেৰণ কৰি ৰে’ল কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছে।আবেদন-পত্ৰত উল্লেখ কৰা মতে, ১৯০৩ চনত ব্ৰিটিছ শাসনকালত আছাম ৰে’লৱে ট্ৰেডিং কোম্পানীয়ে স্থাপন কৰা ৰঙাপৰা নৰ্থ ৰে’লৱে জংচন শোণিতপুৰ জিলাৰ অন্যতম পুৰণি ৰে’লৱে কেন্দ্ৰ। এই ষ্টেচনে অঞ্চলটোৰ চাহ বাগিচাসমূহৰ উৎপাদিত সামগ্ৰী আৰু কৃষিজাত উৎপাদন দেশৰ বিভিন্ন প্ৰান্তলৈ পৰিবহণৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
তেওঁ উল্লেখ কৰে যে চহৰৰ মাজমজিয়াত অৱস্থিত পুৰণি ষ্টেচন ভৱনটোৱে অপাৰ ঐতিহাসিক মূল্য বহন কৰাৰ পিছতো বহু বছৰ ধৰি অৱহেলিত আৰু জৰাজীৰ্ণ অৱস্থাত পৰি আছে। এই ঐতিহ্যমণ্ডিত স্থাপনাটো কেৱল ৰঙাপৰাবাসীৰ বাবেই নহয়, ভাৰতীয় ৰে’লৱেৰ ইতিহাসৰো এক মূল্যৱান সম্পদ বুলি তেওঁ মত প্ৰকাশ কৰে।বুধিন্দ্ৰ বৈশ্যই আবেদনত কয় যে, অধিক ক্ষয়-ক্ষতি হোৱাৰ আগতেই এই ঐতিহাসিক ভৱনটোৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ বাবে ৰে’ল কৰ্তৃপক্ষই শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত। লগতে জনসচেতনতা বৃদ্ধি, ঐতিহাসিক সম্পদ সংৰক্ষণ আৰু পৰ্যটনৰ বিকাশৰ লক্ষ্যৰে পুৰণি ষ্টেচন ভৱনটো ৰে’লৱে ঐতিহ্য সংগ্ৰহালয় (Railway Heritage Museum), ঐতিহ্য উদ্যান (Heritage Park) অথবা ঐতিহ্যস্থল (Heritage Site) হিচাপে গঢ়ি তোলাৰ বিষয়টো বিবেচনা কৰিবলৈও তেওঁ আহ্বান জনায়।তেওঁৰ মতে, বিশেষকৈ ২০২৮ চনত ৰঙাপৰা নৰ্থ ৰে’লৱে জংচনৰ ১২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এনে পদক্ষেপ গ্ৰহণ কৰিলে ইয়াৰ বিশেষ তাৎপৰ্য থাকিব। এই ঐতিহাসিক নিদৰ্শনটো সংৰক্ষণৰ জৰিয়তে অসমৰ ৰে’লৱে ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় সুৰক্ষিত হোৱাৰ লগতে অঞ্চলটোত ঐতিহ্যভিত্তিক পৰ্যটনৰো নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব। ইয়াৰ উপৰি ভৱিষ্যৎ প্ৰজন্মৰ মাজত নিজৰ ঐতিহ্য আৰু ইতিহাসৰ প্ৰতি শ্ৰদ্ধাবোধ আৰু মূল্যবোধ গঢ়ি তোলাতো ই সহায়ক হ’ব বুলি তেওঁ আশা ব্যক্ত কৰে।ইফালে, বুধিন্দ্ৰ বৈশ্যৰ এই পদক্ষেপক আদৰণি জনাই অঞ্চলবাসীয়েও সংশ্লিষ্ট ৰে’ল কৰ্তৃপক্ষই বিষয়টো সদয়ভাৱে বিবেচনা কৰি অতি শীঘ্ৰে পুৰণি ৰঙাপৰা নৰ্থ ৰে’লৱে জংচন সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে।

