

বঙাইগাঁওঃ ২৭ জুলাইঃ বঙাইগাঁও জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনস্থ সংকল্প: মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত সোমবাৰে জিলাখনৰ কাবাইটাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত মানৱ সৰবৰাহ বিৰোধী এখন সজাগতা সভাৰ আয়োজন কৰা হয়। মানৱ সৰবৰাহ প্ৰতিৰোধ কৰা আৰু সংবেদনশীল ব্যক্তিসকলক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত স্থানীয় নেতৃত্ব, বিষয়া আৰু ৰাইজক সচেতন কৰি তোলাটোৱেই আছিল এই কাৰ্যসূচীৰ মূল উদ্দেশ্য। এই সজাগতা সভাত বঙাইগাঁও জিলাৰ সকলো শিশু উন্নয়ন প্ৰকল্প বিষয়া, মুখ্য সেৱিকা আৰু কাবাইটাৰী গাঁও পঞ্চায়তৰ স্থানীয় ৰাইজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। সজাগতা সভাখনত বঙাইগাঁও জিলা সমাজ কল্যাণ বিষয়া নীলেশ্বৰ ৰায়, যোগীঘোপা আৰক্ষী থানাৰ উপ-পৰিদৰ্শক, জিলা শিশু সুৰক্ষা গোটৰ কাউন্সিলাৰ, জিলা আইনী সেৱা প্ৰাধিকৰণৰ উপ-মুখ্য বিষয়া, কাবাইটাৰী আৰু যোগীঘোপা গাঁও পঞ্চায়তৰ সভাপতি আৰু পঞ্চায়ত সচিবসকলে বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ৷ সভাখনত বক্তাসকলে মানৱ সৰবৰাহ চক্ৰ ৰোধ কৰিবলৈ আৰক্ষী, শিশু কল্যাণ প্ৰাধিকৰণ, আইনী সেৱা প্ৰতিষ্ঠান আৰু তৃণমূল পৰ্যায়ৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ মাজত আন্তঃ বিভাগীয় সমন্বয়ৰ অত্যন্ত প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিষয়াসকলে আইনী সুৰক্ষা, প্ৰতিৰোধমূলক পদক্ষেপ আৰু জৰুৰীকালীন অৱস্থাত যোগাযোগৰ মাধ্যমসমূহৰ বিষয়েও ৰাইজক অৱগত কৰে। আয়োজকসকলে স্পষ্ট কৰি দিয়ে যে জিলাখনৰ পৰা মানৱ সৰবৰাহ নিৰ্মূল কৰাৰ ক্ষেত্ৰত গাঁও পঞ্চায়ত পৰ্যায়ত সজাগতা সৃষ্টি কৰা আৰু স্থানীয় ৰাইজক ইয়াৰ বিষয়ে জ্ঞাত কৰি শক্তিশালীভাৱে প্ৰতিৰোধ গঢ়ি তোলাটোৱেই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ।

