Skip to content
- Home
- Sports
- আমিনগাঁৱত সাঁতোৰৰ ৰাষ্ট্ৰীয় উৎকৰ্ষতাৰ কেন্দ্ৰ উদ্ধোধন মুখ্যমন্ত্ৰী । আজি শুকুৰবাৰে বিয়লি অসম ক্ৰীড়া প্ৰাধিকৰণ, ছাই আৰু ভাৰতীয় বেডমিন্টন সংস্থাৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে – দেশৰ ভিতৰতেই আটাইতকৈ বেছি ক্ৰীড়া সুবিধা থকা মহানগৰীৰ তালিকাত অচিৰেই স্থান পাব গুৱাহাটীয়ে । তেওঁ লগতে কয় যে- এই বছৰতে সৰুসজাই ষ্টেডিয়ামক সুন্দৰকৈ সজাই তোলাৰ বাবে আঁচনি লোৱা হ’ব আৰু অনাগত দিনতো অসমৰ উদীয়মান খেলুবৈসকলক উন্নত মানৰ ক্ৰীড়া সুবিধা প্ৰদান কৰা হ’ব । আজিৰ অনুষ্ঠানত ক্ৰীড়া আৰু যুৱকল্যাণ আদি বিভাগৰ মন্ত্ৰী বিশ্বজিত দৈমাৰী,সাংসদ বিজুলী কলিতা মেধি, বিধায়ক প্ৰকাশ দাস,দিগন্ত কলিতা, ভাৰতীয় ক্ৰীড়া প্ৰাধিকাৰণৰ উপ- সঞ্চালক প্ৰধান মঞ্জুশ্ৰী দয়ানন্দৰ লগতে বহুসংখ্যক ক্ৰীড়াবিদ আৰু ৰাইজ উপস্থিত থাকে ।আমিনগাঁৱৰ পৰা নিতুপম মেধিৰ ৰিপ’ৰ্ট, দাপোণ লাইভ