

অহা ৫ বছৰত ৭,০০০ কোটি ব্যয় কৰিব লাগিবঃ মন্ত্ৰী হাজৰীকাৰ
গুৱাহাটী, ২৭ আগষ্ট: জলসিঞ্চন খণ্ডৰ দ্ৰুত উন্নয়ন আৰু কৃষিভূমিৰ জলসিঞ্চনৰ পৰিসৰ বৃদ্ধিৰ লক্ষ্যৰে আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ত বিভাগীয় উচ্চস্তৰীয় এক পৰ্যালোচনা বৈঠকত পৌৰোহিত্য কৰে ৰাজ্যৰ কৃষি তথা জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰীকাই। বৈঠকত জলসিঞ্চন ব্যৱস্থা অধিক ফলপ্ৰসূ আৰু সম্প্ৰসাৰিত কৰাৰ দিশত কেইবাটাও গুৰুত্বপূৰ্ণ কৌশলগত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
জলসিঞ্চন অবিহনে কৃষি খণ্ডৰ বিকাশ অসম্ভৱ বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই বিভাগটোক অহা ৫ বছৰৰ ভিতৰত নূন্যতম ৭,০০০ কোটি টকা ব্যয়ৰ স্পষ্ট লক্ষ্য বান্ধি দিয়ে। বিগত ৫ বছৰত বিভাগটোৱে প্ৰায় ২,৫০০ কোটি টকাৰ বাজেটৰ বিপৰীতে অধিক পুজি বিনিয়োগৰ জৰিয়তে ৰাজ্যৰ অধিক কৃষিভূমি জলসিঞ্চনৰ আওতালৈ অনাৰ পৰিকল্পনা কৰা হৈছে। এই ক্ষেত্ৰত আঁচনি ৰূপায়ণৰ মন্থৰ গতি বা বিষয়া-অভিযন্তাৰ অৱহেলাৰ বাবে পুঁজি অব্যৱহৃত হৈ ৰোৱা কাৰ্য কোনোপধ্যে সহ্য কৰা নহ’ব বুলি তেওঁ কঠোৰ সকীয়ানি প্ৰদান কৰে।
একেদৰে সৰু সৰু আঁচনিৰ সলনি ২০০ কোটি টকা মুঠ ব্যয়সাপেক্ষ ৪০ টা বৃহৎ আঁচনি প্ৰস্তুত কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে।
বৈঠকত ৫০ কোটি টকীয়া লিফ্ট ইৰিগেশ্যন ব্যৱস্থাসমূহত ব্যয় সংকুচিত কৰাৰ উদ্দেশ্যে সৰ্বাধিক ৩ টা ‘ইনটেক পইণ্ট’ ৰাখি ‘ডিষ্ট্ৰিবিউশ্যন পইণ্ট’ৰ সংখ্যা বৃদ্ধি কৰাৰ নীতিগত সিদ্ধান্ত লোৱা হয়, যাতে কম খৰচতে অধিক অঞ্চল সামৰি ল’ব পৰা যায়।
কেৱল কোনো নির্দিষ্ট জিলাৰ ভৌগোলিক পৰিসীমাতে সীমাবদ্ধ নাথাকি জিলাৰ সীমানা অতিক্ৰম কৰি বহল পৰিসৰত জলসিঞ্চনৰ সুফল প্ৰসাৰিত কৰিবলৈ অভিযন্তাসকলক নিৰ্দেশ দিয়া হয়। EAP, RIDF আৰু SOPD আদি বিভিন্ন মাধ্যমৰ পৰা পুঁজি সংগ্ৰহৰ পথ মুকলি ৰখাৰ লগতে খেতিৰ সময়ৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিব পৰাকৈ অহা বছৰৰ আৰম্ভণিতে টেণ্ডাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।

