শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰীৰ উন্নয়নমূলক আঁচনি আৰু ক্ৰীড়া আন্তঃগাঁথনিৰ পৰ্যালোচনা

ঢেকীয়াজুলি, ২৪ আগষ্ট ২০২৬: শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম শিল্প, ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী শ্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী শ্ৰী অশোক সিংহলৰ সৈতে ঢেকীয়াজুলিৰ শ্বহীদ স্মাৰক উদ্যানৰ সভাকক্ষত শোণিতপুৰ জিলাৰ বিভিন্ন বিভাগৰ সৈতে দ্বিতীয়টো বিভাগীয় পৰ্যালোচনা বৈঠকৰ সভাপতিত্ব কৰে।

বৈঠকত বিশেষকৈ ঢেকীয়াজুলি সমজিলাৰ বিভিন্ন চৰকাৰী আঁচনি আৰু উন্নয়নমূলক কাৰ্যসূচীৰ ৰূপায়ণ, পৰিকল্পনা আৰু অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। বৰ্তমানৰ কাম কাজৰ স্থিতি আৰু চৰকাৰী আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰাৰ লগতে কামৰ গতি ত্বৰান্বিত কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপসমূহৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়।

এই বৈঠকত শোণিতপুৰৰ জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাস, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী জয়ন্ত কুমাৰ বৰা, শোণিতপুৰৰ জিলা উন্নয়ন আয়ুক্ত শ্ৰী সঞ্জীৱ কুমাৰ শৰ্মা, ঢেকীয়াজুলিৰ সমজিলা আয়ুক্ত শ্ৰীমতী দ্যোতিভা বৰা, অতিৰিক্ত জিলা আয়ুক্ত জেমছ আইন্দ, সমজীলা আৰক্ষী অধীক্ষক. ভাৰ্গৱ মুনি দাস, ঢেকীয়াজুলি পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতি, ঢেকীয়াজুলি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে।

ইয়াৰ পূৰ্বে দিনৰ ভাগত অভিভাৱক মন্ত্ৰী গৰাকীয়ে ঢেকীয়াজুলিৰ কেইবাটাও গুৰুত্বপূৰ্ণ ক্ৰীড়া আন্তঃগাঁথনি প্ৰকল্প পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ঢেকীয়াজুলিৰ ভটপাৰা ষ্টেডিয়াম আৰু ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰ পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ সা-সুবিধাসমূহৰ বুজ লয় আৰু ক্ৰীড়া আন্তঃগাঁথনি অধিক শক্তিশালী কৰি স্থানীয় খেলুৱৈ তথা যুৱক-যুৱতীসকলৰ বাবে উন্নত সুযোগ সৃষ্টিৰ পদক্ষেপ সম্পৰ্কে আলোচনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *