কাৰ্বি আংলঙৰ ভূমি ৰেকৰ্ড ডিজিটেলকৰণ আৰু কৃষি উন্নয়নৰ উচ্চস্তৰীয় সমীক্ষা মন্ত্ৰী পীযুষ হাজৰীকাৰ; অহা ৪-৫ মাহৰ ভিতৰত মেপিং সম্পূৰ্ণ কৰাৰ নিৰ্দেশ

ভূমিৰ অধিকাৰ সুনিশ্চিত নহ’লে কাৰবি আংলঙৰ কৃষকসকল সদায় বঞ্চিত হৈ ৰ’বঃ মন্ত্ৰী পীযুষ হাজৰীকা

গুৱাহাটী, ২৪ আগষ্ট: কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ মাটিৰ স্বত্বজনিত সমস্যা সমাধান আৰু কৃষি খণ্ডৰ অপাৰ সম্ভাৱনাক গতিশীল কৰাৰ লক্ষ্যৰে আজি গুৱাহাটীত এক বিশেষ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। ৰাজ্যৰ কৃষি তথা জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰীকাৰ পৌৰোহিত্যত তেওঁৰ নিজ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত এই বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (KAAC) মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু ভূমি ৰেকৰ্ড সঞ্চালক কৈলাশ কাৰ্তিকৰ লগতে জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

বৈঠকত কাৰ্বি আংলঙত ২ লাখ অৰুণোদয় হিতাধিকাৰী থকাৰ বিপৰীতে ‘পি এম কিষাণ’ৰ হিতাধিকাৰীৰ সংখ্যা তেনেই তাকৰীয়া হৈ থকা কাৰ্যত উদ্বেগ প্ৰকাশ কৰি মন্ত্ৰী হাজৰীকাই কয় যে মাটিৰ নামজাৰি আৰু মালিকীস্বত্বৰ জটিলতা দূৰ নকৰিলে যোগ্য কৃষকসকল চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ ৰ’ব। সেয়েহে পৰৱৰ্তী ৪-৫ মাহৰ ভিতৰত দুয়োখন জিলাতে ভূমি ৰেকৰ্ড ডিজিটেলকৰণ আৰু মেপিং কাৰ্যসূচী সম্পূৰ্ণ কৰিবলৈ জৰীপ গোটৰ সংখ্যা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে কাৰ্বি আংলং পৰিষদক প্ৰয়োজনীয় মানৱ সম্পদ আৰু ছফ্টৱেৰ যোগান ধৰি সহযোগসতৰিবলৈ মন্ত্ৰীগৰাকীয়ে ভূ-লেখ সঞ্চালকক নিৰ্দেশ দিয়ে, যাতে কৃষক পঞ্জীয়নৰ জৰিয়তে যোগ্য কৃষকে ‘পি এম কিষাণ’ৰ ৬,০০০ টকা, ইউৰিয়া ৰাজসাহায্য আৰু অন্যান্য চৰকাৰী সুবিধা লাভ কৰিব পাৰে।

বৈঠকতে পেপচিকো (PepsiCo) ৰ সঞ্চালক সন্দীপ সমাদ্দাৰৰ নেতৃত্বত অহা এক প্ৰতিনিধি দলৰ সৈতেও মন্ত্ৰীগৰাকীয়ে আলোচনাত মিলিত হয়। জিলাখনত বাণিজ্যিক আলু খেতি বৃদ্ধি, উন্নত বজাৰ সংযোগ আৰু কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ সম্ভাৱনা সম্পৰ্কে প্ৰথম পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। এই প্ৰচেষ্টাক কাৰ্যকৰী ৰূপ দিবলৈ অহা ৫ ছেপ্টেম্বৰত পেপচিকো কৰ্তৃপক্ষ আৰু বিভিন্ন জিলাৰ প্ৰগতিশীল আলু খেতিয়কসকলৰ সৈতে এখন বৃহৎ যুটীয়া বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

পাহাৰীয়া জিলাখনৰ কোনো এজন যোগ্য কৃষকো যাতে চৰকাৰী কল্যাণমূলক আঁচনি তথা বজাৰৰ সুবিধাৰ পৰা বঞ্চিত নহয়, তাৰ বাবে ৰাজ্য চৰকাৰে সৰ্বোচ্চ আন্তৰিকতাৰে কাম কৰি যাব বুলি মন্ত্ৰী হাজৰীকাই পুনৰাই স্পষ্ট কৰি দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *