
আমিনগাঁও, ২৪ আগষ্ট, ২০২৬: কামৰূপ জিলা প্ৰশাসন আৰু জিলা শিশু সুৰক্ষা গোট (DCPU), কামৰূপৰ উদ্যোগত তথা বিশেষীকৃত দত্তক গ্ৰহণ সংস্থা (SAA), বকোৰ সহযোগত আজি আমিনগাঁৱৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় দত্তক গ্ৰহণ হস্তান্তৰ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত স্পেইনৰ পৰা অহা দত্তক গ্ৰহণকাৰী পিতৃ-মাতৃৰ হাতত এটি শিশুক আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয়।
কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত কামৰূপ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব শ্বৰীফ উদ্দিন আহমেদ পাঠান, অতিৰিক্ত জিলা আয়ুক্ত (সমাজ কল্যাণ) গীতাশ্ৰী লাচিত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক পুনম পেগু উপস্থিত থাকে।
অনুষ্ঠানত বক্তব্য প্ৰদান কৰি জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই দত্তক গ্ৰহণ বিধি, ২০২২ অনুসৰি এই আইনী প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন হোৱাটোৱে ভাৰত আৰু স্পেইনৰ মাজৰ বন্ধুত্বপূৰ্ণ তথা সাংস্কৃতিক সম্পৰ্ক অধিক শক্তিশালী কৰাত অৰিহণা যোগাব বুলি উল্লেখ কৰে। শিশুটিয়ে এক সুখী আৰু মৰমময় পৰিৱেশত ডাঙৰ-দীঘল হোৱাৰ আশা প্ৰকাশ কৰি তেওঁ ভৱিষ্যতে শিশুটিয়ে অসমলৈ পুনৰ অহাৰ সুযোগ লাভ কৰিব বুলি আশা ব্যক্ত কৰে।
জিলা আয়ুক্তগৰাকীয়ে দত্তক গ্ৰহণ প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰাত সহযোগিতা আগবঢ়োৱা সকলো বিভাগ, সংস্থা আৰু অংশীদাৰক কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে স্পেইনৰ অনুমোদিত বিদেশী দত্তক গ্ৰহণ সংস্থাৰ প্ৰতিনিধি তথা অনুবাদক দিলীপ কুমাৰে দত্তক গ্ৰহণকাৰী পিতৃ-মাতৃ আৰু কৰ্তৃপক্ষৰ মাজত যোগাযোগ স্থাপন কৰাত আগবঢ়োৱা সহযোগিতাৰ বাবেও তেওঁ ধন্যবাদ জ্ঞাপন কৰে।
কামৰূপ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিবে সফল দত্তক গ্ৰহণ প্ৰক্ৰিয়াৰ সাক্ষী হ’বলৈ পাই আনন্দ প্ৰকাশ কৰে।
অন্যহাতে, দত্তক গ্ৰহণকাৰী পিতৃ-মাতৃয়ে সমগ্ৰ প্ৰক্ৰিয়াটোত জিলা প্ৰশাসন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
এই দত্তক গ্ৰহণ প্ৰক্ৰিয়াটো কিশোৰ ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) আইন, ২০১৫ (২০২১ চনত সংশোধিত) আৰু দত্তক গ্ৰহণ বিধি, ২০২২ৰ অধীনত নিৰ্ধাৰিত বিস্তৃত আইনী প্ৰক্ৰিয়াৰে সম্পন্ন কৰা হয়। সমগ্ৰ প্ৰক্ৰিয়াটো কেন্দ্ৰীয় দত্তক গ্ৰহণ সম্পদ প্ৰাধিকৰণ (CARA), ৰাজ্যিক দত্তক গ্ৰহণ সম্পদ সংস্থা (SARA), জিলা শিশু সুৰক্ষা গোট (DCPU), কামৰূপ, বিশেষীকৃত দত্তক গ্ৰহণ সংস্থা (SAA), বকো আৰু স্পেইনৰ অনুমোদিত বিদেশী দত্তক গ্ৰহণ সংস্থাৰ মাজত সমন্বয়ৰ জৰিয়তে সম্পন্ন কৰা হয়।
আইনী প্ৰক্ৰিয়াৰ অংশ হিচাপে কামৰূপৰ শিশু কল্যাণ সমিতিয়ে ৩১ অক্টোবৰ, ২০২৫ তাৰিখে শিশুটিক আইনগতভাৱে দত্তক গ্ৰহণৰ বাবে মুক্ত ঘোষণা কৰে। ইয়াৰ পিছত দত্তক গ্ৰহণকাৰী পিতৃ-মাতৃয়ে ২৭ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে শিশুটোৰ প্ৰফাইল সংৰক্ষণ কৰে আৰু ২৭ মাৰ্চ, ২০২৬ তাৰিখে CARA-ই বিধিসন্মত আপত্তিবিহীন প্ৰমাণপত্ৰ (No Objection Certificate) জাৰি কৰে।
ইয়াৰ পিছত SAA, বকোৱে Power of Attorney-ৰ জৰিয়তে প্ৰতিনিধিত্ব কৰি থকাৰ সময়ত কামৰূপৰ জিলা দণ্ডাধীশে ৭ মে’, ২০২৬ তাৰিখে আনুষ্ঠানিক দত্তক গ্ৰহণ আদেশ জাৰি কৰে। পৰৱৰ্তী সময়ত শিশুটোৰ জন্ম প্ৰমাণপত্ৰ আৰু পাছপ’ৰ্টকে ধৰি প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত আজি শিশুটিক দত্তক গ্ৰহণকাৰী পিতৃ-মাতৃৰ হাতত আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয়।
অনুষ্ঠানত ৰাজ্যিক শিশু সুৰক্ষা সমিতি, অসমৰ কাৰ্যসূচী পৰিচালক আৰু কাৰ্যসূচী বিষয়া, কামৰূপৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, জিলা সমাজ কল্যাণ বিষয়া, শিশু কল্যাণ সমিতি, বিশেষীকৃত দত্তক গ্ৰহণ সংস্থা, শিশু হেল্পলাইনৰ বিষয়াসকলৰ লগতে শিশু সুৰক্ষা আৰু দত্তক গ্ৰহণ প্ৰক্ৰিয়াৰ সৈতে জড়িত অন্যান্য সংশ্লিষ্ট অংশীদাৰসকল উপস্থিত থাকে।

