কামৰূপ জিলাৰ চৰ অঞ্চলসমূহৰ ক্ৰীড়া ক্লাব আৰু বিদ্যালয়সমূহক অত্যাৱশ্যকীয় ক্ৰিকেট সামগ্ৰী বিতৰণ

কামৰূপ, আমিনগাঁও, ২২ আগষ্টঃ অসম চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা আৰু চৰ এলেকা সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া বিভাগৰ সহযোগত আজি সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ চৰ অঞ্চলসমূহৰ ৮৬ খন ক্ৰীড়া ক্লাব আৰু বিদ্যালয়লৈ অত্যাৱশ্যকীয় ক্ৰিকেট সামগ্ৰী বিতৰণ কৰা হয়। চৰ অঞ্চলসমূহত ক্ৰীড়াৰ পৰিৱেশ শক্তিশালী কৰা, উদীয়মান ক্ৰীড়া প্ৰতিভাসকলক উৎসাহিত কৰা আৰু বিদ্যালয় তথা ক্ৰীড়া ক্লাবসমূহক প্ৰয়োজনীয় ক্ৰীড়া সামগ্ৰীৰে সমৃদ্ধ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হয়।

অনুষ্ঠানত ছমৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু অসমৰ সংখ্যালঘু পৰিক্ৰমা আৰু চৰ এলেকা সঞ্চালকালয়ৰ সঞ্চালিকা মধুচন্দা তালুকদাৰ উপস্থিত থাকে। তেওঁলোকে চৰ অঞ্চলসমূহৰ ক্ৰীড়া ক্লাব আৰু বিদ্যালয়সমূহৰ প্ৰতিনিধিৰ হাতত ক্ৰিকেট সামগ্ৰীসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি অতিথিসকলে উল্লেখ কৰে যে ক্ৰীড়া হৈছে যুৱসমাজৰ সৰ্বাংগীণ বিকাশৰ এক শক্তিশালী মাধ্যম। চৰ অঞ্চলসমূহত ক্ৰীড়াৰ আন্তঃগাঁথনি আৰু ক্ৰীড়া সংস্কৃতি অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এনে পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁলোকে উল্লেখ কৰে।

অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত বিশ্বজিৎ শইকীয়া আৰু মনিকা বৰগোহাঁই, ভাৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া বন্দিতা গগৈ, মহকুমা ক্ৰীড়া বিষয়া পংকজ ভৰালী, কামৰূপ জিলা প্ৰশাসন, ক্ৰীড়া বিভাগ আৰু সংশ্লিষ্ট সংস্থাসমূহৰ বিষয়া-কৰ্মচাৰী তথা অন্যান্য আমন্ত্ৰিত অতিথিসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *