কৃষিৰ বহুমুখীকৰণ আৰু উচ্চ মূল্যৰ শস্যৰ ওপৰত গুৰুত্ব আৰোপেৰে কৃষি বিভাগৰ ৫ বছৰীয়া ৰোডমেপ প্ৰস্তুতৰ লক্ষ্য: কৃষিমন্ত্ৰী হাজৰীকা


দিশপুৰ, ২৪ আগষ্ট: অসমৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ বাণিজ্যিক সম্ভাৱনা শক্তিশালী কৰাৰ লক্ষ্যৰে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অংশগ্ৰহণ কৰি কৃষিমন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই ৰাজ্যৰ কৃষিখণ্ডক অধিক লাভজনক আৰু বাণিজ্যিকভাৱে শক্তিশালী কৰাৰ বাবে বহুমুখী পদক্ষেপ গ্ৰহণৰ কথা উল্লেখ কৰে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২৫০ গৰাকী প্ৰগতিশীল কৃষকে অংশগ্ৰহণ কৰা কৰ্মশালাত কৃষকসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত এখন কৃষিভিত্তিক অৰ্থনীতিৰ দেশ আৰু দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে কৃষিখণ্ডৰ উন্নয়ন অত্যন্ত গুৰুত্বপূৰ্ণ। “আমাৰ দেশত প্ৰায় ১৫০ কোটি মানুহে খাদ্য গ্ৰহণ কৰে। সেয়ে কৃষিজাত সামগ্ৰীৰ বাবে আমাৰ দেশতেই এক বিশাল বজাৰ আছে। এই সুযোগ আমি গ্ৰহণ কৰিব লাগিব আৰু এইক্ষেত্ৰত আত্মনিৰ্ভৰ হ’ব লাগিব,” তেওঁ কয়।
মন্ত্ৰীগৰাকীয়ে উচ্চ মূল্যৰ, কম সময়ত উৎপাদন কৰিব পৰা আৰু কম ভূমিত অধিক উৎপাদন সম্ভৱ হোৱা শস্যৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ আহ্বান জনায়। ধান খেতি অব্যাহত ৰখাৰ লগতে একেখন ভূমিত বছৰত দুটা বা তিনিটা শস্য উৎপাদনৰ দিশত কৃষকসকলক আগবাঢ়ি যাবলৈ আহ্বান জনাই তেওঁ কয় যে কৃষিৰ লাভ বৃদ্ধিৰ বাবে বহুমুখীকৰণ অতি প্ৰয়োজনীয়।
কৃষি বিভাগৰ পৰৱৰ্তী পাঁচ বছৰৰ বাবে এক সুসংহত ৰোডমেপ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰগতিশীল কৃষকসকলৰ মতামতক গুৰুত্ব দিয়া হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰগতিশীল কৃষকসকলৰ সৈতে প্ৰতি তিনিমাহৰ মূৰে মূৰে মত-বিনিময় কৰা হ’ব। কৃষকৰ অভিজ্ঞতা আৰু পৰামৰ্শৰ ভিত্তিত কৃষি বিভাগৰ ভৱিষ্যৎ কাৰ্যপন্থা অধিক ফলপ্ৰসূ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমক এখন হৰ্টিকালচাৰ হাব হিচাপে গঢ়ি তোলাৰ দিশত চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। ৰবি শস্যৰ লগতে ফলমূল, লিচু আৰু অন্যান্য উদ্যান শস্যৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত লিচুৰ যথেষ্ট চাহিদা আছে বুলি উল্লেখ কৰি ৰাজ্যত লিচুৰ উৎপাদন বৃদ্ধিৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।
মাখনা খেতিকো অসমত মিছন মোডত আগবঢ়াই নিয়াৰ কথা ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিহাৰত মাখনা খেতি ব্যাপকভাৱে হয় যদিও অসমতো ইয়াৰ যথেষ্ট সম্ভাৱনা আছে। একে ভূমিত মীনপালনৰ পৰা যদি প্ৰতি বিঘাত প্ৰায় ১ লাখ টকা আয় কৰিব পৰা যায়, তেন্তে মাখনা খেতিৰ জৰিয়তে অতিৰিক্তভাৱে প্ৰায় ৪০-৫০ হাজাৰ টকা উপাৰ্জনৰ সম্ভাৱনা আছে। অহা ফেব্ৰুৱাৰী মাহৰ পৰা কৃষকসকলক মাখনাৰ বীজ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৃষি আৰু জলসিঞ্চন খণ্ডক বিশেষ গুৰুত্ব প্ৰদান কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে কৃষি আৰু জলসিঞ্চন খণ্ডৰ বাবে বহিঃসহায়প্ৰাপ্ত প্ৰকল্পৰ অধীনত ক্ৰমে প্ৰায় ৫,০০০ কোটি আৰু ৬,০০০ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছে।
ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থাৰ উন্নয়নৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে। বৰ্তমান অসমৰ মুঠ কৃষিভূমিৰ প্ৰায় ২১ শতাংশহে জলসিঞ্চনৰ আওতাত আছে বুলি উল্লেখ কৰি অহা পাঁচ বছৰত বিভিন্ন প্ৰকল্পৰ জৰিয়তে জলসিঞ্চনৰ পৰিসৰ অতিৰিক্তভাৱে ২০ শতাংশ বৃদ্ধি কৰাৰ লক্ষ্যৰ কথা তেওঁ প্ৰকাশ কৰে।
উদ্যান শস্যৰ ক্ষেত্ৰত বৃহৎ পৰিসৰত পুলি বিতৰণৰ পৰিকল্পনাৰ কথাও উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক দিনত কৃষকসকলৰ মাজত প্ৰায় ৭ কোটি ফলমূলৰ পুলি বিতৰণৰ লক্ষ্য লোৱা হৈছে। নাৰিকলৰ লগতে বিভিন্ন ফলমূলৰ পুলিও কৃষকসকলক প্ৰদান কৰা হ’ব। এই কাৰ্যসূচীৰ আৰম্ভণি হিচাপে এইবাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাত বিশেষভাৱে নাৰিকলৰ পুলি বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
কৰ্মশালাখনত বিভিন্ন প্ৰান্তৰ পৰা অহা ২১ গৰাকী কৃষকে কৃষিখণ্ডৰ উন্নয়ন, তেওঁলোকৰ অভিজ্ঞতা, সমস্যা আৰু ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত নিজৰ পৰামৰ্শ আৰু মতামত আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ পৰামৰ্শসমূহ গুৰুত্বসহকাৰে বিবেচনা কৰি কৃষি বিভাগৰ ভৱিষ্যৎ কাৰ্যপন্থাত প্ৰয়োজনীয়ভাৱে অন্তৰ্ভুক্ত কৰাৰ আশ্বাস প্ৰদান কৰে।
আজিৰ কৰ্মশালাত মন্ত্ৰীগৰাকীয়ে প্ৰগতিশীল কৃষক, কৃষি-উদ্যোগী আৰু ৰপ্তানিকাৰকসকলৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰি তেওঁলোকৰ অভিজ্ঞতা, সমস্যা আৰু পৰামৰ্শ গ্ৰহণ কৰে। কৃষিজাত সামগ্ৰীৰ উৎপাদনৰ পৰা আৰম্ভ কৰি গুণগত মান, মূল্য সংযোজন, বজাৰ সংযোগ, পৰিবহন আৰু ৰপ্তানিলৈকে সমগ্ৰ মূল্য শৃংখলাটো শক্তিশালী কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।
অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কৃষি বিভাগৰ আঁচনিসমূহৰ সংকলন পুস্তিকা আৰু ৰাষ্ট্ৰীয় ভোজ্য তেল–তৈল্য খেজুৰ আঁচনিৰ প’ৰ্টেল আনুষ্ঠানিকভাৱে উন্মোচন কৰে। লগতে জৈৱিক অসম, কৃষি আন্তঃগাঁথনি আৰু গুণগত মান, পৰিবহন আৰু ৰপ্তানি, মৌ, মছলা, মানসম্পন্ন চাউল, ফলমূল আৰু শাক-পাচলিৰ বাণিজ্যিক সম্ভাৱনা আদি বিষয়ত পেনেল আলোচনাও অনুষ্ঠিত হয়।
মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰি আৰু কয় যে কৃষকৰ আয় বৃদ্ধি আৰু অসমৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰাৰ বাবে চৰকাৰে উৎপাদনৰ লগতে উচ্চ মূল্যৰ শস্য, কৃষিৰ বহুমুখীকৰণ, উদ্যান শস্য, জলসিঞ্চন, বজাৰ সংযোগ আৰু ৰপ্তানি—এই সকলো দিশতে সমন্বিতভাৱে কাম কৰিব।

