

নতুন দিল্লী, ২২ আগষ্ট: অসমৰ কৃষিমন্ত্ৰী পীযুষ হাজৰীকাই আজি নতুন দিল্লীৰ পুছাস্থিত ICAR Convention Centreত ডিজিটেল কৃষি অভিযানৰ অধীনত এগ্ৰিষ্টেক (AgriStack) আৰু আত্মনিৰ্ভৰশীলতা দাইল অভিযান সন্দৰ্ভত অনুষ্ঠিত ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰে।
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰতিনিধিৰ উপস্থিতিত এগ্ৰিষ্টেকৰ অধীনত কৃষক পৰিচয় পত্ৰ (Farmer ID) আৰু আত্মনিৰ্ভৰশীলতা দাইল অভিযানৰ অগ্ৰগতি পৰ্যালোচনা কৰে।
সন্মিলনত ভাষণ প্ৰদান কৰি অসমৰ মন্ত্ৰী পীযুষ হাজৰীকাই অসমত দাইল খেতিৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰে। ইয়াৰ ভিতৰত ৰহৰৰ প্ৰদৰ্শনীমূলক খেতি, মাটিমাহৰ খেতি আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে Front Line Demonstrations আদি উল্লেখযোগ্য।
মন্ত্ৰীগৰাকীয়ে বানপানী আৰু অনিয়মীয়া বৰষুণৰ ফলত অসমৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ কথা উল্লেখ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে উপযোগী ব্ৰীডাৰ বীজৰ আবণ্টনত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ অনুৰোধ জনায়।
মন্ত্ৰী শ্ৰী হাজৰীকাই লগতে অসমৰ কৃষকসকলৰ বাবে প্ৰমাণিত দাইলৰ বীজত ১০০ শতাংশ ৰাজসাহায্য প্ৰদানৰ বাবে অনুৰোধ জনায়। বিশেষকৈ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক সহায় কৰাৰ লগতে নতুন কৃষকক দাইল খেতিৰ প্ৰতি উৎসাহিত কৰাৰ বাবে প্ৰথম পৰ্যায়ত দুইৰ পৰা তিনি বছৰৰ বাবে এই সুবিধা প্ৰদানৰ প্ৰস্তাৱ আগবঢ়ায়। বিকল্প হিচাপে প্ৰমাণিত বীজৰ বাবে আবণ্টিত ধন Seed Minikit Distributionৰ বাবে ব্যৱহাৰৰ অনুমতি দিবলৈও তেওঁ প্ৰস্তাৱ আগবঢ়ায়।
শ্ৰী হাজৰীকাই লগতে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলকো PM-KISAN আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ বাবে অনুৰোধ জনায়। তেওঁ উল্লেখ কৰে যে এগ্ৰিষ্টেকৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কসকলে এতিয়া Farmer ID লাভ কৰিবলৈ আৰম্ভ কৰিছে আৰু সেয়েহে তেওঁলোককো PM-KISANৰ সুবিধাৰ আওতালৈ অনা উচিত।
মন্ত্ৰীগৰাকীয়ে অসমৰ কৃষি খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জনাই ৰাজ্য চৰকাৰেও অনাগত সময়ত সকলো ধৰণৰ প্ৰয়াসেৰে ৰাজ্যৰ কৃষিক্ষেত্ৰখনক আগবঢ়াই লৈ যাব বুলি মন্তব্য কৰে ।

