
পাঠশালা, ২৫ জুলাইঃ বজালী জিলাৰ নিত্যানন্দ অঞ্চলৰ অগ্ৰণী সামাজিক-শৈক্ষিক অনুষ্ঠান কলাগুৰু একাডেমীৰ উদ্যোগত বিগত বৰ্ষসমূহৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজি সাতদিনীয়া গ্ৰীষ্মকালীন বিশেষ কৰ্মশালাৰ শুভাৰম্ভ হয়। অহা ১ আগষ্টলৈ চলিবলগীয়া এই কৰ্মশালাৰ মূল লক্ষ্য হৈছে কণ-কণ শিক্ষাৰ্থীৰ সুপ্ত প্ৰতিভাৰ বিকাশ ঘটোৱা আৰু সৃষ্টিশীল মনোভাৱ গঢ়ি তোলা। একাডেমীৰ সঞ্চালক মৃন্ময় পাঠকে জানিবলৈ দিয়া মতে, কৰ্মশালাখনত চাৰুকলা, কাৰুকলা, নৃত্য, বিজ্ঞান, সাহিত্য, সংস্কৃতি আদি বিভিন্ন বিষয়ত ছাত্ৰ-ছাত্ৰীসকলক বিশেষজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। কৰ্মশালাৰ শুভাৰম্ভ উপলক্ষে আজি অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে একাডেমীৰ জ্যেষ্ঠ শিক্ষক প্ৰণৱ তহবিলদাৰে একাডেমীৰ পতাকা উত্তোলন কৰে। ইয়াৰ পিছত একাডেমীৰ শৈক্ষিক উপদেষ্টা ভূপেন খাটনিয়াৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। সুগায়িকা উপাসনা তালুকদাৰে মাল্যাৰ্পণ কৰাৰ লগতে বিশিষ্ট পৰিৱেশ কৰ্মী আনন্দ খাটনিয়াৰ আৰু সমাজকৰ্মী গিৰীশ পাটগিৰীয়ে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। কৰ্মশালাখনৰ আনুষ্ঠানিক উদ্বোধন কৰে বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট অধিবক্তা গিৰিধৰ চৌধুৰীয়ে। উদ্বোধনী অনুষ্ঠানত চিত্ৰকলাৰ প্ৰশিক্ষক হিচাপে বিশিষ্ট চিত্ৰশিল্পী বিদ্যুত পাটগিৰি উপস্থিত থকাৰ লগতে বিশিষ্ট সমাজকৰ্মী প্ৰভা দাস, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিমান হালৈ আৰু বজালী জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি ধৃতিৰাজ তালুকদাৰে বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইফালে, কৰ্মশালাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি কাইলৈ পুৱা জ্যেষ্ঠ অধিবক্তা গোপাল তালুকদাৰে বন্তি প্ৰজ্বলন কৰিব আৰু বিশিষ্ট সমাজকৰ্মী ৰত্নবৰ্মণে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিব। বিশেষ অতিথি হিচাপে কালজিৰাপাৰা শ্ৰী শ্ৰী গোপালদেৱ সত্ৰ সংৰক্ষণ সমিতিৰ সভাপতি নিৰ্মল ভৰালী আৰু যুৱ সমাজকৰ্মী কৌস্তুভ ভূঞা উপস্থিত থাকিব। আনহাতে, দিনটোৰ চিত্ৰকলা প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট চিত্ৰশিল্পী বৰ্ণালী কলিতাই। শিশু-কিশোৰসকলৰ সৃষ্টিশীল প্ৰতিভাৰ বিকাশ, নৈতিক মূল্যবোধৰ চর্চা আৰু সামাজিক-সাংস্কৃতিক সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে আয়োজিত এই কৰ্মশালাই অঞ্চলটোৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে।

