আগৰকলৈ অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
এক সম্পূর্ণ মূল্য শৃংখল গঢ়ি তোলাৰ পোষকতা

আগৰৰ পৰা বছৰি ৪০হাজাৰ কোটিৰ ব্যৱসায়িক সম্ভাৱনা
গুৱাহাটী,২৬আগষ্ট: ‘অগৰকলৈ যাতে অসমৰ অৰ্থনীতি শক্তিশালী হৈ উঠে, এই ব্যৱসায় যাতে আইনসন্মত ভাৱে গঢ় লয় তাৰ বাবে আমি আগবাঢ়ি আহিব লাগে’ -অগৰকাঠ অংশীদাৰ সকলৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই আজি এইদৰে কয়।
খানাপাৰাৰ অসম প্ৰসাশনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত দিনজোৰা এই সন্মিলনত উদ্যোগ মন্ত্ৰী বড়াই নতুন প্ৰজন্মকো এই ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
অসমৰ আগৰকাঠ খণ্ডৰ উত্তৰণ আৰু উন্নয়নৰ বাবে আয়োজিতএই সন্মিলনত মন্ত্ৰী বড়াই ইয়াকো কয় যে সম্ভাৱনাৰ তেতিয়াহে উত্তৰণ ঘটে যেতিয়া ইয়াক নীতি,আন্তগাঁথনি, উদ্যোগৰ মাধ্যমে ৰে ৰূপায়িত কৰা হয়। অসমত আগৰ কাঠকলৈ থকা সম্ভাৱনাৰ পৰিসৰ বৃদ্ধি কৰাৰ আজি সময় আহি পৰিছে বুলি উল্লেখ কৰি উদ্যোগ মন্ত্ৰী বড়াই কয় যে প্ৰজন্মৰ পিছত প্ৰজন্মধৰি আমাৰ জনসাধাৰণ আগৰকাঠৰ পৰা তেল বা সুগন্ধি সংশাধনৰ সৈতে জড়িত হৈ আছে ,সেয়ে তেওঁ অসমত আগৰৰ এক সম্পূর্ণ মূল্য শৃংখল গঢ়ি তোলাৰ পোষকতা কৰে।
ৰোপণৰ পৰা গছত বৈজ্ঞানিক ভাৱে ভেকুৰ সৃষ্টি কৰা লৈকে(Inoculation)।
কটাৰ পৰা গ্ৰেডিঙলৈকে।
চিপছৰ পৰা তেললৈকে।
তেলৰ পৰা আৰম্ভ কৰি সুগন্ধি আৰু অন্যান্য মূল্য সংযোজিত সামগ্ৰীলৈকে।
খেতিৰ পৰা সংশাধনলৈকে।সংশাধনৰ পৰা ব্ৰেণ্ডিঙলৈ।
আৰু শেষত-অসমৰ পৰা বিশ্ব বজাৰলৈ আগৰ কাঠৰ পৰা উৎপাদিত সামগ্রী উলিয়াই দিয়ালৈকে এই সমগ্ৰ প্ৰক্ৰিয়া সৰলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় অৰ্থনীতিৰ বাবে ঠিক সেই পৰিৱৰ্তনৰ পোষকতা কৰি আহিছে বুলি ব্যক্ত কৰি তেওঁ কয় যে,য’ত কেৱল কেঁচামালৰ উৎপাদনেই নহয় সমগ্ৰ মূল্য শৃংখলত নিজকে ক্ৰমান্বয়ে সামৰ্থ্যৱান কৰি গঢ়ি তুলিব লাগিব।
তেওঁৰ ভাষণত মন্ত্রী গৰাকীয়ে সাঁচিগছৰ খেতিয়ক সকলে যাতে উপযুক্ত মূল্য লাভ কৰিব পাৰে তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে।
সন্মিলনখনত ভাষণ প্ৰদান কৰি বিত্ত,পৰিৱেশ আৰু বন মন্ত্রী জয়ন্ত মল্ল বৰুৱাই তেখেতৰ ভাষণত আগৰকাঠৰ উৎপাদক সকলে বা খেতিয়ক সকলে উপযুক্ত মূল্য লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে উপযুক্ত মূল্য লাভ কৰাৰ ওপৰত গুৰুত্ব দিয়ে।
মন্ত্রী বৰুৱাই অসমতে উৎপাদনৰ লগতে ব্যৱসায় কৰাৰ বাবে সকলোকে আহ্বান জনাই কয় যে ইয়াতে সকলো হলেহে অসমলৈ বাহিৰৰ ক্ৰেতা আহিব আৰু নিজে নিজেই এই ক্ষেত্ৰত থকা সকলো বাধা আতৰিব।
সন্মিলনত উপস্থিত থাকি কৃষকৰ সমস্যা সমূহৰ ওপৰত বিশেষভাৱে আলোকপাত কৰি কৃষি, জলসিঞ্চন আদি বিভাগৰ মন্ত্রী পিয়ুষ হাজৰিকাই এই ক্ষেত্ৰত কৃষক সকলে সমুখীন হোৱা উৎপাদনৰ পৰা আৰম্ভ কৰি বিপণনলৈ বিভিন্ন সমস্যাৰ বিষয়ে বুজ লয়।
সন্মিলনৰ উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে ৰাজ্যৰ মুখ্য সচিব ড০ৰবি কোটাই আগৰ খেতি আৰু
ইয়াৰ সৈতে জড়িত অৰ্থনীতিৰ উত্তৰণৰ বাবে অসম চৰকাৰে ইয়াৰ খেতিয়ক, ব্যৱসায়ী, উদ্যোগী, বিজ্ঞানীকে ধৰি অংশীদাৰ সকলৰ এই সন্মিলনৰ আয়োজনৰ উদ্দ্যেশ্য বাখ্যা কৰে।
অংশীদাৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ডনাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব অংশুমান দেয়ে মন্ত্ৰালয়ে আগৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে বাখ্যা আগবঢ়ায়।
ইয়াৰ পিছত অংশীদাৰ সকলৰ মাজত আয়োজিত সাঁচিগছ ৰোপণ, আহৰণ তথা সংশাধন আৰু আগৰ কাঠৰ সৈতে জড়িত ৰপ্তানি আৰু বিপণন শীৰ্ষক তিনখন সভা অনুষ্ঠিত হয়।এই সভাকেইখন সমন্বয়ক হিচাপে পৰিচালনা কৰে ক্ৰমে কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজৰিয়া, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মেঘা নিধি দাহাল আৰু উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত নৰেন্দ্ৰ শ্বাহে।এই সভা কেইখনত আগৰকাঠৰ খেতি,ব্যৱসায় আদিৰ বিভিন্ন দিশৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। কেবাগৰাকীও কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিশেষজ্ঞ,বিজ্ঞানী আৰু বিষয়াই অগৰতন্দ্ৰৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে।
ইয়াত আগৰকাঠৰ উৎপাদনৰ পৰা আৰম্ভ কৰি বিপণনলৈ বিভিন্ন দিশ আলোচনা কৰা হয়। ইয়াৰ সমস্যাৰ পৰা আৰম্ভ কৰি সম্ভাৱনালৈ পুংখানুপুংখ ভাৱে বিশ্লেষণো কৰা হয়।
সঠিক ভাৱে উৎপাদন আৰু ব্যৱসায় হলে অসমত বছৰি প্ৰায় ৪০ হাজাৰ কোটি টকাৰ আগৰকাঠৰ সৈতে জড়িত ব্যৱসায় সম্ভৱপৰ বুলি উপস্থিত কৃষক তথা ব্যৱসায় সকলোৱে মত প্ৰকাশ কৰে।
উল্লেখ্য যে এই সন্মিলনৰ পূৰ্বে একেটা স্হানতে উপৰি উক্ত তিনিও গৰাকী মন্ত্ৰীৰ উপস্থিতিত অসম চৰকাৰে এই সন্দৰ্ভত গঠন কৰি দিয়া টাস্ক ফৰ্চৰ প্ৰথম খন বৈঠক অনুষ্ঠিত হয়।

