চৰকাৰী ভ্ৰমণসূচীৰে গুজৰাটত মন্ত্ৰী কৌশিক ৰায়

নগৰ উন্নয়ন, চেনি উদ্যোগ আৰু সমবায় খণ্ডত গুজৰাটৰ উৎকৃষ্ট পদ্ধতি অধ্যয়ন

সাবৰমতী ৰিভাৰফ্ৰণ্ট পৰিদৰ্শন; বান ব্যৱস্থাপনা, TPS, LAP, আৱৰ্জনা ব্যৱস্থাপনা আৰু পৌৰ সেৱা সন্দৰ্ভত আলোচনা

চেনিৰ মূল্য নিয়ন্ত্ৰণ, সমবায় চেনি উদ্যোগ আৰু নগৰ উন্নয়ন আঁচনি সন্দৰ্ভত বৈঠক

দিছপুৰ, ২৫ আগষ্ট: বিভিন্ন বিভাগৰ সৈতে জড়িত গুজৰাটৰ নীতি, প্ৰতিষ্ঠানিক পদ্ধতি আৰু উন্নয়নমূলক পদক্ষেপসমূহ অধ্যয়ন কৰাৰ উদ্দেশ্যে কৰা গুজৰাট ভ্ৰমণৰ অংশ হিচাপে অসমৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা তথা সমবায় মন্ত্ৰী কৌশিক ৰায়ে আজি আহমেদাবাদত নগৰ উন্নয়ন, পৌৰ প্ৰশাসন, চেনিৰ মূল্য নিয়ন্ত্ৰণ আৰু সমবায় চেনি উদ্যোগ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ পৰিদৰ্শন আৰু সংশ্লিষ্ট বিভাগসমূহৰ মন্ত্ৰীসকলৰ সৈতে উচ্চপৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে।

মন্ত্ৰীগৰাকীয়ে অসমৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সাবৰমতী ৰিভাৰফ্ৰণ্ট পৰিদৰ্শন কৰাৰ লগতে আইকনিক অটল ব্ৰীজ পৰিদৰ্শন কৰে। তেওঁ প্ৰায় ২২ কিলোমিটাৰ দৈৰ্ঘ্যৰ সাবৰমতী ৰিভাৰফ্ৰণ্ট প্ৰকল্পটোৰ পৰিকল্পনা, নিৰ্মাণ আৰু বিভিন্ন উপাদানৰ বিষয়ে বুজ লয়।
ইয়াৰ পিছতে সাবৰমতী ৰিভাৰফ্ৰণ্ট ডেভেলপমেণ্ট ক’ৰ্পৰেশ্যন লিমিটেড (SRFDCL)-ৰ কাৰ্যালয়ত আহমেদাবাদ প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত কাৰিকৰী পৰিকল্পনা আৰু নক্সা, বান ব্যৱস্থাপনা, টাউন প্লেনিং স্কীমছ (TPS), লোকেল এৰিয়া প্লেনছ (LAP), ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহ, কঠিন আৱৰ্জনা ব্যৱস্থাপনা, নাগৰিক সুবিধা আৰু সমন্বিত নগৰ উন্নয়নৰ অন্যান্য দিশ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।

মন্ত্ৰী কৌশিক ৰায়ে কয় যে সাবৰমতী ৰিভাৰফ্ৰণ্ট প্ৰকল্পৰ পৰা লাভ কৰা প্ৰত্যক্ষ অভিজ্ঞতা আৰু কাৰিকৰী জ্ঞানে অসমৰ চলিত নগৰ উন্নয়ন, আধুনিকীকৰণ আৰু সৌন্দৰ্যবৰ্ধনৰ প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ সহায় কৰিব।

তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল নেতৃত্বত অসমৰ নগৰসমূহত নাগৰিককেন্দ্ৰিক, বহনক্ষম আৰু আধুনিক নগৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত গুজৰাটৰ পৰিকল্পিত নগৰ উন্নয়নৰ অভিজ্ঞতাই গুৰুত্বপূৰ্ণ শিক্ষা প্ৰদান কৰিব।

মন্ত্ৰীগৰাকীয়ে আহমেদাবাদ পৌৰ নিগমৰ পৌৰ প্ৰশাসন আৰু সেৱা প্ৰদান ব্যৱস্থা সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰে। এই আলোচনাত লাভ কৰা অভিজ্ঞতা আৰু উত্তম পদ্ধতিসমূহে অসমৰ পৌৰ সেৱা অধিক সুসংগঠিত, দক্ষ আৰু জনমুখী কৰি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে। বিশেষকৈ গুৱাহাটী পৌৰ নিগম (GMC)কে ধৰি ৰাজ্যখনৰ নগৰ স্থানীয় নিকায়সমূহৰ সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই অভিজ্ঞতা সহায়ক হ’ব।

গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া অন্বমুথন এম পিয়ে পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীক সংগ দিয়ে।
আহমেদাবাদ প্ৰশাসনৰ হৈ SRFDCL-ৰ কাৰ্যবাহী সঞ্চালক তথা পশ্চিম মণ্ডলৰ উপ-পৌৰ আয়ুক্ত অমৃতেশ ঔৰংগাবাদকাৰ আৰু প্ৰশাসন আৰু বিত্তৰ মহাপ্ৰবন্ধক দীপক পেটেলসহ অন্যান্য জ্যেষ্ঠ বিষয়াসকলে আলোচনাত অংশগ্ৰহণ কৰে।

চেনিৰ মূল্য নিয়ন্ত্ৰণ আৰু সমবায় চেনি উদ্যোগ সন্দৰ্ভত বৈঠক

ইয়াৰ পিছতে মন্ত্ৰী কৌশিক ৰায়ে গুজৰাট ষ্টেট ফেডাৰেশ্যন অৱ ক’-অপাৰেটিভ ছুগাৰ ফেক্টৰীজ লিমিটেডৰ অধ্যক্ষ ঈশ্বৰসিং টি পেটেল আৰু গুজৰাটৰ সমবায় চেনি খণ্ডৰ প্ৰতিনিধিসকলৰ সৈতে এখন উচ্চপৰ্যায়ৰ বৈঠকত মিলিত হৈ চেনিৰ মূল্য, ক্ৰয়, উৎপাদন আৰু বিতৰণ ব্যৱস্থাৰ বিষয়ে বিস্তৃত আলোচনা কৰে।

বৈঠকত উচিত মূল্যত চেনিৰ উপলব্ধতা নিশ্চিত কৰা, পাইকাৰী আৰু খুচুৰা মূল্যৰ ফলপ্ৰসূ নিৰীক্ষণ, চেনি কল, ব্যৱসায়ী আৰু প্ৰশাসনৰ মাজত উন্নত সমন্বয় স্থাপন আদি বিষয়ত আলোচনা কৰা হয়।

অসমৰ প্ৰতিনিধি দলটোৱে চেনি উদ্যোগ আৰু চেনিৰ মূল্য নিয়ন্ত্ৰণ তথা নিৰীক্ষণৰ ক্ষেত্ৰত গুজৰাটৰ প্ৰতিষ্ঠানিক ব্যৱস্থা, বিশেষকৈ সমবায় চেনি কলসমূহৰ ভূমিকা সন্দৰ্ভতো অধ্যয়ন কৰে।

মন্ত্ৰীগৰাকীয়ে চেনি উৎপাদনৰ সমবায় আৰ্হি আৰু ইয়াৰ সৈতে কৃষকৰ সংযোগৰ বিষয়েও আলোচনা কৰে। অসমৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব পৰা এনে ব্যৱস্থা আৰু উত্তম পদ্ধতি চিনাক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

মন্ত্ৰী ৰায়ে গুজৰাট চৰকাৰৰ কৃষি, কৃষক কল্যাণ আৰু সমবায় বিভাগৰ সৈতে আধুনিক কৃষি পদ্ধতি, কৃষককেন্দ্ৰিক আঁচনি আৰু সমবায় খণ্ড অধিক শক্তিশালী কৰাৰ বিষয়েও মত বিনিময় কৰে।

বৈঠকত গুজৰাট চৰকাৰৰ কৃষি, কৃষক কল্যাণ আৰু সমবায় বিভাগৰ কেবিনেট মন্ত্ৰী জিতুভাই বাঘানী, ৰাজ্যিক মন্ত্ৰী ৰমেশভাই কাটাৰা আৰু গুজৰাট ষ্টেট ফেডাৰেশ্যন অৱ ক’-অপাৰেটিভ ছুগাৰ ফেক্টৰীজ লিমিটেডৰ অধ্যক্ষ তথা জলসম্পদ আৰু পানী যোগান বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী ঈশ্বৰসিং টি পেটেল উপস্থিত থাকে।

গুজৰাটৰ কৃষি আৰু সমবায় বিভাগৰ অতিৰিক্ত মুখ্য সচিব অৰুণ কুমাৰ এম. সোলাংকীয়েও বৈঠকত উপস্থিত থাকে।

অসমৰ প্ৰতিনিধি দলটোত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বিশ্ব ৰঞ্জন সামাল, জি এম ডি এ-ৰ মুখ্য কাৰ্যবাহী বিষয়া অন্বমুথন এম পি, আই আৰু খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা তথা আইনগত পৰিমাপ বিজ্ঞানৰ আয়ুক্ত হেমন্ত ভূঞাসহ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

গুজৰাটৰ নগৰ উন্নয়ন আৰু নগৰ গৃহ নিৰ্মাণ বিভাগৰ সৈতে বৈঠক

মন্ত্ৰী কৌশিক ৰায়ে গুজৰাট চৰকাৰৰ নগৰ উন্নয়ন আৰু নগৰ গৃহ নিৰ্মাণ বিভাগৰ সৈতেও এখন বৈঠকত মিলিত হৈ ৰাজ্যখনত ৰূপায়ণ হৈ থকা বিভিন্ন নগৰ উন্নয়ন আঁচনি আৰু পদক্ষেপ সন্দৰ্ভত বিশদভাৱে অধ্যয়ন কৰে।

বৈঠকত পৰিকল্পিত নগৰ উন্নয়ন, নগৰ আন্তঃগাঁথনি, পৌৰ সেৱা আৰু নগৰ প্ৰশাসনৰ ক্ষেত্ৰত গুজৰাটৰ উদ্ভাৱনীমূলক পদ্ধতি সন্দৰ্ভত আলোচনা কৰা হয়। বিভিন্ন নগৰ উন্নয়ন কাৰ্যসূচীৰ নীতি, পৰিকল্পনা, ৰূপায়ণ ব্যৱস্থা, নিৰীক্ষণ পদ্ধতি আৰু প্ৰতিষ্ঠানিক কাঠামো সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। দ্ৰুতগতিত সম্প্ৰসাৰিত হৈ থকা নগৰসমূহৰ প্ৰেক্ষাপটত এই ব্যৱস্থাসমূহৰ অসমৰ ক্ষেত্ৰত প্ৰয়োগ আৰু অভিযোজনৰ সম্ভাৱনাও আলোচনা কৰা হয়।

বৈঠকত গুজৰাটৰ নগৰ উন্নয়ন মন্ত্ৰী কানুভাই দেশাই, ৰাজ্যিক মন্ত্ৰী দৰ্শনাবেন মুকেশভাই বাঘেলা আৰু নগৰ উন্নয়ন আৰু নগৰ গৃহ নিৰ্মাণ বিভাগৰ প্ৰধান সচিব এম. থেন্নাৰাছন উপস্থিত থাকে। অসমৰ হৈ অতিৰিক্ত মুখ্য সচিব বিশ্ব ৰঞ্জন সামাল আৰু জি এম ডি এ-ৰ মুখ্য কাৰ্যবাহী বিষয়া অন্বমুথন এম পিসহ অন্যান্য জ্যেষ্ঠ বিষয়াসকলে বৈঠকত অংশগ্ৰহণ কৰে।

এই বাতৰি যুগুতোৱাৰ সময়ত মন্ত্ৰীগৰাকীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থা আদি বিষয় সন্দৰ্ভত আন এখন উচ্চ স্তৰীয় বৈঠকত অংশগ্ৰহণ কৰি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *