পাৰিবাৰিক কন্দলৰ বাবেই উক্ত হত্যাকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
ঘটনা সংঘটিত হোৱাৰ পিছতেই চাঞ্চল্যকৰ পৰিস্থিতি
ঘটনাস্থলীত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে হত্যাকাণ্ড সংঘটিত কৰা লোকজনক কৰায়ত্ত কৰি আৰক্ষী থানালৈ লৈ যায়।
স্থানীয় ৰাইজে জনোৱা অনুসৰি আজি পুৱতিনিশা প্ৰায় ১মান বজাত জহৰ আলী (৪৫) নামৰ লোকজনে সুৰাপান কৰি আহি শহুৰৰ ঘৰত অত্যাচাৰ কৰি থকাৰ সময়তে শহুৰ কাছেম আলীয়ে বাধা প্ৰদান কৰাত চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰে জহৰ আলীয়ে।
ঘটনা সংঘটিত কৰি ঘটনা স্থলীৰ পৰা পলায়ন কৰাৰ সময়তে পৰিয়ালৰ লোকে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজে হত্যাকাৰী জহৰ আলীক আটক কৰি
বৰপেটাৰোড আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে হত্যাকাণ্ড সংঘটিত কৰা জহৰ আলীক কৰায়ত্ত কৰি আৰক্ষী থানালৈ লৈ যায়।
ইতিমধ্যে ঘটনাস্থলীত এটি বৃহৎ ফৰেনছিক টীম উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
পৰিয়ালৰ লগতে স্থানীয় ৰাইজে হত্যাকাৰী জহৰ আলীক কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে দাবী উত্থাপন কৰিছে।পাৰিবাৰিক কন্দলৰ বাবেই উক্ত হত্যাকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
ঘটনা সংঘটিত হোৱাৰ পিছতেই চাঞ্চল্যকৰ পৰিস্থিতি
ঘটনাস্থলীত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে হত্যাকাণ্ড সংঘটিত কৰা লোকজনক কৰায়ত্ত কৰি আৰক্ষী থানালৈ লৈ যায়।
স্থানীয় ৰাইজে জনোৱা অনুসৰি আজি পুৱতিনিশা প্ৰায় ১মান বজাত জহৰ আলী (৪৫) নামৰ লোকজনে সুৰাপান কৰি আহি শহুৰৰ ঘৰত অত্যাচাৰ কৰি থকাৰ সময়তে শহুৰ কাছেম আলীয়ে বাধা প্ৰদান কৰাত চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰে জহৰ আলীয়ে।
ঘটনা সংঘটিত কৰি ঘটনা স্থলীৰ পৰা পলায়ন কৰাৰ সময়তে পৰিয়ালৰ লোকে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজে হত্যাকাৰী জহৰ আলীক আটক কৰি
বৰপেটাৰোড আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে হত্যাকাণ্ড সংঘটিত কৰা জহৰ আলীক কৰায়ত্ত কৰি আৰক্ষী থানালৈ লৈ যায়।
ইতিমধ্যে ঘটনাস্থলীত এটি বৃহৎ ফৰেনছিক টীম উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
পৰিয়ালৰ লগতে স্থানীয় ৰাইজে হত্যাকাৰী জহৰ আলীক কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে দাবী উত্থাপন কৰিছে।