
শ্বাহ আলাউদ্দিন আহমেদ,মুকালমুৱা ২৮ জুলাই: নলবাৰী জিলাৰ মুকালমুৱাস্থিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত লুনা নুৱেভা স্পোৰ্টছ একাডেমীৰ উদ্যোগত চলি থকা এল এন এছ এ জুনিয়ৰ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা এখন ৰোমাঞ্চকৰ খেলত টপন বড়ো ক্ৰিকেট একাডেমীয়ে সাৰ্থেবাৰী ক্ৰিকেট কোচিং চেণ্টাৰক ৮ ৰাণত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি টপন বড়ো ক্ৰিকেট একাডেমীয়ে নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ৮৪ ৰান সংগ্ৰহ কৰে। লক্ষ্য অনুসৰণ কৰি সাৰ্থেবাৰী ক্ৰিকেট কোচিং চেণ্টাৰে ২০ অভাৰত ৯ উইকেট হেৰুৱাই ৭৬ ৰানত কৰিবলৈ সক্ষম হয়। খেলখনৰ প্লেয়াৰ অৱ দ্য মেচ নিৰ্বাচিত হয় টপন বড়ো ক্ৰিকেট একাডেমীৰ অপৰ্ণা নন্দী। অপৰ্ণাই ১০ বলত ৯ ৰান সংগ্ৰহ কৰাৰ লগতে বলিংত উজলি উঠে। তেওঁ ৪ অভাৰত ২২ ৰান খৰচ কৰি ৩টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি দলৰ জয়ত মুখ্য ভূমিকা পালন কৰে। বুধবাৰে একেখন খেলপথাৰতে মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰৰ বিৰুদ্ধে খেলিব নৱোদয় ক্ৰিকেট একাডেমীয়ে।

