

ষ্টাফ ৰিপৰ্টাৰ, খাৰুপেটীয়া ,২৮ জুলাই
দলগাঁৱত নিৰ্মাণ হ’ব নতুন সম-জিলাৰ আয়ুক্ত কাৰ্যালয়। অসমৰ যশস্বী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা সু-পৰিকল্পিত (SOPD-G) আঁচনিৰ অধীনত দলগাঁৱত নিৰ্মাণ হ’বলগীয়া এই RCC G+4 মহলীয়া সম-জিলা কাৰ্যালয় ভৱনটোৰ আধাৰশিলানুষ্ঠানিকভাৱে স্থাপন কৰে দৰং জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰী অশোক সিংহলে । দলগাঁৱৰ ৰাইজৰ দীৰ্ঘদিনীয়া আশা-আকাংক্ষাক বাস্তৱ ৰূপ দিয়া এই আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰীগৰাকীক গৌৰৱময় উপস্থিতিৰে সংগ দিয়ে পশুপালন আৰু পশুচিকিৎসা, মীন বিভাগৰ মন্ত্ৰী শ্ৰীযুতা নিলিমা দেৱী, দলগাঁও বিধান সভা সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান আৰু দৰং জিলাৰ জিলা আয়ুক্ত শ্ৰীমতী আয়ুষী জৈনে। এই নতুন কাৰ্যালয়খনে অঞ্চলটোৰ জনসাধাৰণক প্ৰশাসনিক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত এক নতুন গতি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। ইফালে, আধাৰশিলা স্থাপনৰ পিছতে অনুষ্ঠিত সভাত গুৰুত্বপূর্ণ মন্তব্য প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে বৰ্তমানো শিশুক জন্ম দিয়াৰ সময়ত মাতৃ মৃত্যুৰ হাৰ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ উদ্বেগজনক ভাৱে বেছি হৈ আছে। এই সমস্যাৰ সমাধানৰ বাবে প্ৰথম আৰু দ্বিতীয় সন্তান জন্ম দিয়াৰ মাজত কমেও দুটা বছৰৰ ব্যৱধান বজাই ৰখাটো অতি প্ৰয়োজন বুলি তেওঁ পৰামৰ্শ আগবঢ়ায়। আনহাতে, সভাত খাৰুপেটীয়াৰ শাক-পাচলিক লৈও গুৰুত্বপূর্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। বজাৰলৈ অহা শাক-পাচলিত অত্যাধিক সাৰ প্ৰয়োগৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে অধিক সাৰ দিয়া এই শাক-পাচলিসমূহৰ পৰীক্ষণৰ ব্যৱস্থা শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষই হাতত ল’ব।

