মন্ত্ৰী পীযুষ হাজৰীকাৰ জলসিঞ্চন প্ৰকল্প আৰু বানপীড়িত কৃষকৰ সহায়ৰ ব্যৱস্থাৰ পৰ্যালোচনা

মন্ত্ৰী পীযুষ হাজৰীকাৰ জলসিঞ্চন প্ৰকল্প আৰু বানপীড়িত কৃষকৰ সহায়ৰ ব্যৱস্থাৰ পৰ্যালোচনা

২৮ জুলাই, ২০২৬: কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনত থকা নিজৰ কাৰ্যালয়ৰ সভাকক্ষত জলসিঞ্চন আৰু কৃষি বিভাগৰ দুখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে।

জলসিঞ্চন বিভাগৰ বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে আৰম্ভ কৰিব বিচৰা বাহ্যিক সাহায্যপুষ্ট প্ৰকল্পসমূহৰ (Externally aided projects) প্ৰস্তুতিৰ পৰ্যালোচনা কৰি “অসম ইণ্টিগ্ৰেটেড ৰিজিলিয়েণ্ট এণ্ড ৰিলায়েবল ইৰিগেচন ফৰ গ্ৰ’থ এণ্ড এগ্ৰিকালচাৰ ট্ৰেন্সফৰ্মেচন” প্ৰকল্পকে ধৰি বিভিন্ন পদক্ষেপৰ অগ্ৰগতিৰ বুজ লয়। ৰাজ্যৰ ২৭.৪৬ লাখ হেক্টৰ চূড়ান্ত জলসিঞ্চন সম্ভাৱনাক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে জলসিঞ্চন আন্তঃগাঁথনি অধিক শক্তিশালী আৰু আধুনিক কৰি তোলাৰ লগতে বাহ্যিক সাহায্য লাভৰ প্ৰক্ৰিয়া দ্ৰুতগতিত সম্পূৰ্ণ কৰিবলৈ বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা দিয়ে।

ইয়াৰ পিছত অনুষ্ঠিত কৃষি বিভাগৰ পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত কৃষকসকলক সহায় আগবঢ়োৱাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বুজ লয়। ক্ষতিগ্ৰস্ত কৃষকসকলৰ মাজত ধানৰ বীজ আৰু কঠীয়া সময়মতে বিতৰণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PMFBY) আৰু আন আঁচনিৰ সুবিধা যাতে প্ৰতিগৰাকী যোগ্য কৃষকে বিলম্ব নোহোৱাকৈ লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ তেওঁ বিভাগীয় বিষয়াবৰ্গক নিৰ্দেশ দিয়ে।

মন্ত্ৰীগৰাকীয়ে কৃষি বিভাগৰ আয়ুক্ত সচিবক অহা কাইলৈ বানপীড়িত জিলাসমূহ পৰিদৰ্শন কৰি কৃষকৰ বৰ্মানৰ পৰিস্থিতিৰ বুজ ল’বলৈও নিৰ্দেশ দিয়ে। লগতে, অসম বিধানসভাৰ বাজেট অধিৱেশন সমাপ্ত হোৱাৰ লগে লগে মন্ত্ৰীগৰাকীয়ে নিজে বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি কৃষকসকলৰ সৈতে মতবিনিময় কৰাৰ লগতে সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থাৰ অগ্ৰগতি পৰ্যালোচনা কৰিব বুলি জানিবলৈ দিয়ে।

মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, ৰাজ্য চৰকাৰে এক শক্তিশালী জলসিঞ্চন ব্যৱস্থা গঢ়ি তোলাৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কৃষকসকলৰ কাষত থিয় দি কৃষিখণ্ডৰ সামগ্ৰিক বিকাশ আৰু কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

Leave a Reply

Your email address will not be published. Required fields are marked *