দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শৰে উদ্বুদ্ধ হ’বলৈ আহ্বান



আমিনগাঁও, ২৮ জুলাইঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি কামৰূপ জিলাতো দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্য তিথিৰ সৈতে সংগতি ৰাখি দেশভক্তি দিৱস যথাযোগ্য মৰ্যাদাৰে পালন কৰা হয়। এই উপলক্ষে কামৰূপ জিলা প্ৰশাসন আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আমিনগাঁওস্থিত সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়।
অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত বিশিষ্ট অতিথি, বিষয়া আৰু কৰ্মচাৰীসকলে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি মহান স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন, আদৰ্শ আৰু দেশৰ স্বাধীনতা সংগ্ৰামত তেখেতৰ অনন্য অৱদানৰ কথা সোঁৱৰাই দিয়ে। তেওঁ কয় যে তৰুণৰাম ফুকনৰ দেশপ্ৰেম, ত্যাগ আৰু জনসেৱাৰ আদৰ্শ আজিও সমাজৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস। নতুন প্ৰজন্মই তেখেতৰ জীৱন আৰু কৰ্মৰাজিৰ পৰা শিক্ষা গ্ৰহণ কৰি দেশ গঢ়াৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা উচিত বুলি তেওঁ উল্লেখ কৰে।
অনুষ্ঠানত মুখ্য বক্তাৰূপে উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ ড০ ৰাজেন শইকীয়াই দেশভক্ত তৰুণৰাম ফুকনৰ স্বাধীনতা আন্দোলনত আগবঢ়োৱা ঐতিহাসিক অৱদান, দূৰদৰ্শী নেতৃত্ব, জাতীয়তাবাদী চিন্তাধাৰা আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত তেখেতৰ অগ্ৰণী ভূমিকাৰ ওপৰত বিস্তৃত আলোকপাত কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে দেশভক্ত তৰুণৰাম ফুকন কেৱল এজন স্বাধীনতা সংগ্ৰামী নহয়, বৰং অসমত জাতীয় চেতনা জাগ্ৰত কৰা এগৰাকী অসাধাৰণ সংগঠক, সমাজ সচেতন নেতা আৰু জনসেৱক আছিল। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিভিন্ন পৰ্যায়ত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি জনগণক দেশপ্ৰেম আৰু আত্মত্যাগৰ আদৰ্শৰে উদ্বুদ্ধ কৰিছিল।
ড০ শইকীয়াই লগতে উল্লেখ কৰে যে তৰুণৰাম ফুকনৰ জীৱনাদৰ্শ, সততা, কৰ্তব্যনিষ্ঠা আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰ শিক্ষা আজিৰ প্ৰজন্মৰ বাবে বিশেষভাৱে প্ৰাসংগিক। দ্ৰুত পৰিৱৰ্তনশীল বৰ্তমান সময়ত যুৱ সমাজে তেখেতৰ আদৰ্শৰ পৰা প্ৰেৰণা গ্ৰহণ কৰি দেশ আৰু সমাজৰ উন্নয়নৰ বাবে ইতিবাচক ভূমিকা পালন কৰা উচিত। তেওঁ কয় যে মহান ব্যক্তিসকলৰ ত্যাগ আৰু অৱদানৰ ইতিহাস স্মৰণ কৰাটো কেৱল আনুষ্ঠানিকতাৰ বিষয় নহয়, বৰং সেই মূল্যবোধসমূহ নিজৰ জীৱনত প্ৰতিফলিত কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ। দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শ, মূল্যবোধ আৰু স্বদেশপ্ৰেমৰ চেতনাক আগুৱাই নিয়াৰ বাবে সমাজৰ সকলো স্তৰৰ লোকক একেলগে কাম কৰাৰ আহ্বান জনায়।
অনুষ্ঠানত কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ গোস্বামী, জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, অতিৰিক্ত জিলা আয়ুক্তসকল ক্ৰমে গীতাশ্ৰী লাচিত, প্ৰাঞ্জিত কুমাৰ দেৱ, বিশ্বজিৎ শইকীয়া, মনিকা বৰগোঁহাই আৰু দেৱাশীষ গোস্বামীৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, জিলা প্ৰশাসনৰ বিষয়ববীয়া-কৰ্মচাৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

