ৰাজ্যিক ভিত্তিক দেশভক্তি দিৱস উদযাপন


২৮ জুলাই : অসম চৰকাৰৰ তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ উদ্যোগত আজি ৰাজ্যিক ভিত্তিত জনতা ভৱনৰ আই ব্লকৰ সভাকক্ষত দেশভক্তি দিৱস উদযাপন কৰা হয়। দেশভক্ত তৰুণৰাম ফুকনৰ পূণ্য স্মৃতিত আয়োজিত দেশভক্তি দিৱসত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি হস্ততাঁত, বস্ত্ৰশিল্প আৰু ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে কয় যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ মহান দেশপ্ৰেমিক সকলৰ আদৰ্শই আজিও সকলোকে অনুপ্ৰেৰণা যোগাই আহিছে। দেশভক্ত তৰুণৰাম ফুকন অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী আছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মহামানৱ মহাত্মা গান্ধী, তৰুণৰাম ফুকনৰ দৰে দেশপ্ৰেমিকে ব্যক্তিগত জীৱন ত্যাগ কৰি দেশৰ সেৱাৰ বাবে আগুৱাই আহিছিল। নিজৰ সমস্যাতকৈ দেশৰ সমস্যাক সৰ্বাধিক গুৰুত্ব দি দেশমাতৃৰ সেৱাৰ বাবে কৰ্মত নিয়োজিত হৈ বিৰল আদৰ্শ দেখুৱাই গৈছে। দেশপ্ৰেম আৰু স্বাধীনতা সংগ্ৰামীসকলৰ জীৱন আৰু আদৰ্শ নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিশিষ্ট লেখক, জ্যেষ্ঠ সাংবাদিক আৰু নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড০ সমুদ্ৰগুপ্ত কাশ্যপে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি কয় যে তৰুণৰাম ফুকন প্ৰতিটো প্ৰজন্মৰ মাজত দকৈ সাঁচ বহুওৱা এগৰাকী পৰিচিত ব্যক্তি। স্বাধীনতা আন্দোলনত তৰুণৰাম ফুকনৰ অনন্য বৰঙণিৰ কথা উল্লেখ কৰি তেওঁ কয় যে এইগৰাকী স্বাধীনতা সংগ্ৰামীৰ দেশপ্ৰেম, নেতৃত্ব অতুলনীয়। দেশভক্তক এগৰাকী চিন্তাবিদ, সমাজ সংস্কাৰক বুলি অভিহিত কৰি তেওঁ লগতে কয় যে তৰুণৰাম ফুকনে জাতি গঠনত বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছিল। ৰাজনীতিৰ লগতে সমাজসেৱাত বিশেষ অৰিহণা আগবঢ়াইছিল বুলি মন্তব্য কৰি ড০ কাশ্যপে কয় যে ফুকনৰ দেশভক্তি শ্ল’গান ভিত্তিক নাছিল। সেৱাৰ পৰিসৰৰে তেওঁৰ দেশভক্তি উজলি উঠিছিল। অসম সাহিত্য সভাৰ সভাপতি হিচাপে তৰুণৰাম ফুকনে মাতৃভাষাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় সভ্যতাৰ আদৰ্শত তেওঁৰ দেশপ্ৰেম আছিল।ভাষণ প্ৰসংগত তেওঁ কয় যে দেশভক্তিয়ে দেহ, মন স্পৰ্শ কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনে দেশভক্তি জাগৰিত কৰিছিল বুলি তেওঁ মন্তব্য কৰে। দেশভক্তিৰ বিভিন্ন দিশ আলোকপাত কৰি তেওঁ কয় যে ১৮৬২ চনৰ পৰা ১৯৪৭ চনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত যি দেশভক্তি প্ৰতিফলিত হৈছিল তাৰ তুলনা নাই। ভাৰতীয় দেশপ্ৰেম সাংস্কতিক শিপাৰ গভীৰতাৰ সৈতে সংপৃক্ত বুলিও তেওঁ উল্লেখ কৰে। ড০ কাশ্যপে নতুন প্ৰজন্মৰ মাজত দেশভক্তি জগাই তোলাৰ দিশত কৰণীয় আছে বুলিও কয়।অনুষ্ঠানত তৰুণৰাম ফুকনৰ নাতি ডাঃ হেমেন্দ্ৰৰাম ফুকনে তৰুণৰাম ফুকনৰ জীৱন আৰু কৰ্মৰাজী আলোকপাত কৰে। সভাৰ আৰম্ভণিতে তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ আযুক্ত সচিব কুমাৰ পদ্মপাণি বৰাই কয় যে তৰুণৰাম ফুকনৰ কৰ্মৰাজী আৰু আদৰ্শ নতুন প্ৰজন্মৰ মাজলৈ লৈ যাবলৈ ৰাজ্য চৰকাৰে ২০২১ চনৰ পৰা দেশভক্তি দিৱস উদযাপন কৰি আহিছে। ভাষণ প্ৰংগত তেওঁ তৰুণৰাম ফুকনৰ বহুমুখী প্ৰতিভাৰ কথাও উল্লেখ কৰে।আজিৰ এই অনুষ্ঠানত তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক মানৱেন্দ্ৰ দেৱ ৰায়, তৰুণৰাম ফুকনৰ নাতি জিতেন্দ্ৰ ৰাম ফুকন সহিতে পৰিয়ালৰ সদস্যবৃন্দ আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।
ইয়াৰ পূৰ্বে ৰাতিপুৱা গুৱাহাটী মহানগৰীৰ ভৰলুমুখস্থিত দেশভক্ত তৰুণৰাম ফুকন উদ্যানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাতিপুৱা ৯ বজাত পশুপালন আৰু পশুচিকিৎসা, মীন বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে তৰুণৰাম ফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন বিভাগৰ আয়ুক্ত-সচিব কুমাৰ পদ্মপাণি বৰা, তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক মানৱেন্দ্ৰ দেৱ ৰায় আৰু দেশভক্ত তৰুণৰাম ফুকনৰ পৰিয়ালবৰ্গই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

