বিধ্বংসী বানত এতিয়ালৈকে ৩১জনৰ প্ৰাণহানি, তিনি সন্ধানহীন

৩৮৫খন গাঁৱৰ ৪লাখ
৩১৩৪গৰাকী লোক বানৰ কৱলত ,২৮হেজাৰ কৃষিভূমি ক্ষতিগ্রস্ত

গুৱাহাটী, ২৭ জুলাই: শিৱসাগৰ আৰু চৰাইদেউ জিলাত যোৱা ১৯জুলাইৰ পৰা হোৱা প্ৰলয়ংকাৰী বানত এতিয়ালৈকে শিৱসাগৰ জিলাত ৩৮৫খন গাঁৱৰ চাৰি লাখ তিনি হেজাৰ ১৩৪ গৰাকী লোক ক্ষতিগ্রস্ত হোৱাৰ লগতে ৩১জন লোকৰ প্ৰাণহানি হৈছে আৰু তিনিজন সন্ধানহীন হৈ আছে।আজি শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত মন্ত্রী কেশৱ মহন্তৰ উপস্থিতিত এক সংবাদ মেল সম্বোধন কৰি উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান ইত্যাদি বিভাগৰ মন্ত্রী বিমল বড়াই এই তথ্য ডাঙি ধৰে।
মন্ত্রী বডাই সদৰী কৰা মতে এতিয়ালৈকে জিলাখনত ২৮ হেজাৰ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হোৱাৰ লগতে প্ৰায় ৬৪হেজাৰ গৰু, ছাগলী, গাহৰি আৰু প্ৰায় ৭৫ হেজাৰ হাঁহ-কুকুৰা ক্ষতিগ্রস্ত হৈছে।
এতিয়ালৈকে জিলা প্ৰশাসনে এছ ডি আৰ এফ, এন ডি আৰ এফ, স্হলসেনা, বায়ুসেনাৰ সহযোগত ১২১খন নাঁৱৰ সহায়ত ২০হেজাৰ ৫২০ গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি মন্ত্রী বড়াই সংবাদমেলখনত প্ৰকাশ কৰে।
এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা বানাক্ৰান্ত সকলক ২.৮৮ লাখ খাদ্যৰ পেকেট জৰুৰীকালীনভাবে আগবঢ়োৱা হৈছে, ৬লাখ৭০ হেজাৰ লিটাৰ খেৱাপানী আৰু আশ্ৰয়ৰ বাবে ৩০হেজাৰ পৰিয়ালক টাৰ্পোলিন প্ৰদান কৰা হৈছে।

মন্ত্রী বড়াই জনোৱা মতে বান পিড়িতৰ মাজত এই পৰ্যন্ত ৯৩০০ কুইন্টল চাউল, ১৬৮৯ কুইন্টল দাইল, ৪৩৩ কুইন্টল নিমখ, ৩৫হেজাৰ ৪৫২ লিটাৰ মিঠা তেলৰ লগতে চিৰা, শিশুখাদ্য, চেনিটেৰী নেপকিন,মহ খেদোৱা ধূপ, মম, দিয়া চলাই, ব্লিচিং পাউডাৰ, ফিনাইল আদি বিতৰণ কৰা হৈছে।
ইয়াৰ উপৰিও দৈনিক ৮হেজাৰ লোকক ৰন্ধাখাদ্যও চৰকাৰৰ তৰফৰ পৰা বিতৰণ কৰি থকা হৈছে।
সম্প্ৰতি ১০০টা চিকিৎসকৰ দলে বিভিন্ন স্হানত চিকিৎসা সেৱা আগবঢ়াই আছে।

এই বিধ্বংসী বানত ৩৫০খন বিদ্যালয়, ১০১টা বিদ্যুতৰ খুটা, ৪৬২টা জল জীৱন মিছনৰ আঁচনি, ৪টা শিশু উন্নয়ন প্ৰকল্পৰ ৩৬টা অংগণৱাড়ী কেন্দ্ৰ আৰ এটা সমূহীয়া ভৱন ক্ষতিগ্রস্ত হোৱাৰ লগতে ২১৫টা পথৰ ১৫৮ কি:মি:পথ আৰু১৯টা স্হানত প্ৰায় ১২ কি:মি: মঠাউৰি ভাগিছে বুলি মন্ত্রী বিমল বড়াই সংবাদ মেলখনত প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *