বহনক্ষম নগৰ উন্নয়ন আৰু সেউজ পৰিৱেশ সৃষ্টিৰ প্ৰতি চৰকাৰৰ অংগীকাৰ দোহাৰি গুৱাহাটীৰ পুনৰ নিৰ্মিত শিলপুখুৰী উদ্যান উদ্বোধন কৰিলে মন্ত্ৰী কৌশিক ৰায়ে।

প্ৰতিদিনে পুৱা ৫:৩০ বজাৰ পৰা ১০:০০ বজালৈ সকলো দৰ্শনাৰ্থীৰ বাবে প্ৰৱেশ সম্পূৰ্ণ বিনামূলীয়া

৬০ বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সম্পূৰ্ণ বিনামূলীয়া

২৭ জুলাইঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটীৰ পুনৰ নিৰ্মিত শিলপুখুৰী উদ্যান উদ্বোধন কৰে। এই পদক্ষেপে নগৰখনৰ সেউজ পৰিৱেশ সংৰক্ষণ, ৰাজহুৱা সা-সুবিধাৰ উন্নয়ন আৰু নাগৰিকসকলৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ আন এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসম চৰকাৰে নাগৰিকসকলৰ বাবে পৰিষ্কাৰ, সুৰক্ষিত আৰু আধুনিক ৰাজহুৱা স্থান গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ আশা প্ৰকাশ কৰে যে নৱীকৰণ কৰা এই উদ্যান শিশু, পৰিয়াল, জ্যেষ্ঠ নাগৰিক, পুৱা খোজ কঢ়া লোকসকলৰ লগতে সকলো বয়সৰ দৰ্শনাৰ্থীৰ বাবে এক আকৰ্ষণীয় বিনোদনস্থলী হিচাপে পৰিগণিত হ’ব।

উদ্যানখনত অধিক সংখ্যক লোকে আহি সময় কটাব পৰাকৈ মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে প্ৰতিদিনে পুৱা ৫:৩০ বজাৰ পৰা ১০:০০ বজালৈ সকলো দৰ্শনাৰ্থীৰ বাবে প্ৰৱেশ সম্পূৰ্ণ বিনামূলীয়া থাকিব। ইয়াৰ পিছত নামমাত্ৰ প্ৰৱেশ মাচুল প্ৰযোজ্য হ’লেও ৬০ বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিকসকলে গোটেই দিনজুৰি বিনামূলীয়াকৈ উদ্যানখনত প্ৰৱেশ কৰিব পাৰিব।

মন্ত্ৰীগৰাকীয়ে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (GMDA)-ক শীতকালত শিলপুখুৰীৰ পানীৰ তলৰ অংশ পৰিষ্কাৰ কৰাৰ লগতে পুখুৰীটোৰ প্ৰাকৃতিক তলভাগ অক্ষুণ্ণ ৰাখিবলৈ, অৰ্থাৎ ইয়াক চিমেণ্টেৰে আৱৰি নিদিবলৈ নিৰ্দেশ দিয়ে, যাতে পুখুৰীটোৰ প্ৰাকৃতিক আৰু পৰিৱেশগত বৈশিষ্ট্য সংৰক্ষিত থাকে।

তেওঁ কয় যে শিলপুখুৰী উদ্যানৰ এই পুনৰ উন্নয়নে বহনক্ষম নগৰ উন্নয়ন, পৰিৱেশ সংৰক্ষণ আৰু স্বাস্থ্যসন্মত জীৱনশৈলী গঢ়ি তোলাত সহায়ক ৰাজহুৱা স্থান সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰৰ অগ্ৰাধিকাৰক প্ৰতিফলিত কৰিছে।

তেওঁ উল্লেখ কৰে যে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানতো এনে ধৰণৰ আধুনিক উদ্যান স্থাপনৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজহুৱা সম্পদসমূহ সংৰক্ষণ, উদ্যানসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা আৰু সুন্দৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁ নাগৰিকসকলৰ সক্ৰিয় সহযোগিতা কামনা কৰে। তেওঁ কয়, “সমূহীয়া দায়বদ্ধতাৰেহে আমাৰ পৰিৱেশ অধিক সুন্দৰ আৰু উন্নত কৰি তুলিব পাৰিম।”

উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে নৱীকৰণ কৰা উদ্যানখন পৰিদৰ্শন কৰি নতুনকৈ নিৰ্মাণ কৰা বিভিন্ন সা-সুবিধাৰ বুজ লয় আৰু উপস্থিত দৰ্শনাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰে।

উল্লেখযোগ্য যে ৯৮ লাখ টকাৰ প্ৰশাসনিক অনুমোদনেৰে প্ৰায় ৪.৭ বিঘা মাটিত বিস্তৃত এই উদ্যানখনৰ ব্যাপক পুনৰ উন্নয়ন সম্পন্ন কৰা হৈছে। ইয়াৰ অধীনত নতুন খোজকঢ়া পথ, উন্নত নিষ্কাশন ব্যৱস্থা, চাৰিওফালৰ দেৱাল মেৰামতি আৰু ৰং কৰা, শিশু উদ্যানৰ আধুনিক খেল-সামগ্ৰী, সজ্জিত ফোৱৰা, আলোকসজ্জা, বহিবলৈ বেঞ্চ, ডাষ্টবিন, নতুন টিকট কাউণ্টাৰ আৰু উন্নত চেনিটাৰী তথা প্লাম্বিং ব্যৱস্থা নিৰ্মাণ কৰা হৈছে। এই উন্নয়নসমূহে উদ্যানখনৰ সৌন্দৰ্য, সুৰক্ষা আৰু দৰ্শনাৰ্থীৰ সুবিধা যথেষ্ট বৃদ্ধি কৰিছে।

উদ্বোধনী অনুষ্ঠানত নিউ গুৱাহাটীৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা, জি এম ডি এৰ উপাধ্যক্ষ আব্দুল মান্নান ফাৰুক আৰু ধীৰা তালুকদাৰৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *