তামুলপুৰত লোকপিয়ল, ২০২৭ উপলক্ষ্যে গণনাকাৰী আৰু তদাৰককাৰীসকলৰ প্ৰশিক্ষণ আৰম্ভ

তামুলপুৰ, ২৭ জুলাই : লোকপিয়ল, ২০২৭-ৰ গৃহ তালিকাকৰণ আৰু গৃহ গণনা পৰ্যায় সফলভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে তামুলপুৰ জিলাত গণনাকাৰী আৰু তদাৰককাৰীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী আজিৰ পৰা অনুষ্ঠিত কৰা হৈছে। অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ডঃ দীপাংকৰ নাথে জনোৱা অনুসৰি ২৭ জুলাইৰ পৰা ৭ আগষ্ট, ২০২৬লৈ জিলাখনৰ দুটা কেন্দ্ৰত এই প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ ২৭ জুলাইৰ পৰা ১ আগষ্টলৈ প্ৰতিদিনে পুৱা ৯.৩০ বজাৰ পৰা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে। দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ ২ আগষ্টৰ পৰা ৭ আগষ্টলৈ একে সময়তে গোৰেশ্বৰ মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব। জাৰি কৰা সূচী অনুসৰি তামুলপুৰ নগৰ, তামুলপুৰ গ্ৰাম্য, গোৰেশ্বৰ নগৰ আৰু গোৰেশ্বৰ গ্ৰাম্যৰ মুঠ ৯৫৬গৰাকী গণনাকাৰী আৰু তদাৰককাৰীক বিভিন্ন দলত বিভক্ত কৰি প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। প্ৰশিক্ষণত গৃহ তালিকাকৰণ আৰু গৃহ গণনা পৰ্যায়ৰ তথ্য সংগ্ৰহৰ পদ্ধতি, ডিজিটেল মাধ্যমত তথ্য লিপিবদ্ধকৰণ, প্ৰশ্নাৱলীৰ সঠিক ব্যৱহাৰ, ক্ষেত্ৰভিত্তিক দায়িত্ব আদিৰ বিষয়ে বিশদভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। সঠিক আৰু নিৰ্ভুল তথ্য সংগ্ৰহৰ জৰিয়তে লোকপিয়ল, ২০২৭ সফলভাৱে সম্পন্ন কৰাত এই প্ৰশিক্ষণ বিশেষভাৱে সহায়ক হ’ব বুলি জিলা প্ৰশাসনে আশা প্ৰকাশ কৰিছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক এই কথা জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *