ডিব্ৰুগড় আৰু গোলাঘাট জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ উচ্চস্তৰীয় পৰ্যালোচনা; গুণগত স্বাস্থ্যসেৱা নিশ্চিতকৰণত বিধায়কসকলৰ সক্ৰিয় সহযোগিতা বিচাৰিলে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ

২৬ জুলাই:
ৰাজ্যৰ ১২৬ বিধান সভা সমষ্টিৰ প্ৰতিগৰাকী নাগৰিকলৈ গুণগত, সুলভ আৰু সময়োপযোগী স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে যোৱা ২০ জুলাই তাৰিখৰ পৰা অসমৰ স্বাস্থ্য মন্ত্ৰীৰ দিছপুৰস্থিত কাৰ্য্যালয়ত ৰাজ্য খনৰ স্বাস্থ্য ব্যৱস্থাৰ সামগ্ৰিক পৰিস্থিতিৰ ওপৰত এক উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ আহিছে।সেই মৰ্মে আজি ডিব্ৰুগড় আৰু গোলাঘাট জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ সামগ্ৰিক অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে দিছপুৰত এখন উচ্চস্তৰীয় সভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সভাত স্বাস্থ্য বিভাগৰ বিভিন্ন অগ্ৰাধিকাৰমূলক আঁচনিৰ ৰূপায়ণৰ স্থিতি বিশদভাৱে পৰ্যালোচনা কৰাৰ লগতে জনস্বাস্থ্য ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন দিশ-নিৰ্দেশনা প্ৰদান কৰা হয়।
সভাত মাতৃ-শিশুৰ স্বাস্থ্যসেৱা, চিকিৎসা আন্তঃগাঁথনিৰ উন্নয়ন, বিনামূলীয়া ডায়েলাইচিছ সেৱাৰ সম্প্ৰসাৰণ আৰু ১০৮ এম্বুলেন্স জৰুৰীকালীন সেৱা অধিক খৰতকীয়া আৰু ফলপ্ৰসূ কৰি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। লগতে ‘যক্ষ্মামুক্ত ভাৰত’ অভিযানৰ অগ্ৰগতি, ৰোগী চিনাক্তকৰণ আৰু চিকিৎসা ব্যৱস্থাৰ পৰ্যালোচনাও কৰা হয়।
সভাত স্বাস্থ্য ক্লাব, ভ্ৰাম্যমাণ চিকিৎসা গোট (Mobile Medical Unit), ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য সুৰক্ষা কৰ্মসূচী (RBSK) আৰু ৰাষ্ট্ৰীয় কিশোৰ স্বাস্থ্য কৰ্মসূচী (RKSK) অধিক ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত জনপ্ৰতিনিধিসকলৰ সক্ৰিয় সহযোগিতা কামনা কৰা হয়। বিশেষকৈ নিজ নিজ সমষ্টিত বিদ্যালয় আৰু সম্প্ৰদায় পৰ্যায়ত স্বাস্থ্য ক্লাবসমূহ সক্ৰিয় কৰি স্বাস্থ্য সচেতনতা বৃদ্ধি, ভ্ৰাম্যমাণ চিকিৎসা গোটৰ জৰিয়তে দুৰ্গম অঞ্চলত স্বাস্থ্যসেৱা অধিক শক্তিশালী কৰা, শিশুসকলৰ স্বাস্থ্য পৰীক্ষা আৰু জন্মগত ৰোগসমূহ সময়মতে চিনাক্তকৰণ, লগতে কিশোৰ-কিশোৰীসকলৰ পুষ্টি, মানসিক স্বাস্থ্য, ঋতুস্ৰাৱ স্বাস্থ্যবিধি, নিচামুক্ত জীৱন আৰু স্বাস্থ্যসচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ বিধায়কসকলক আহ্বান জনোৱা হয়।
আজিৰ এই সভাত পঞ্চায়ত,আবকাৰী আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, শ্ৰমিক কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে জিলা কেইখনৰ বিধায়কসকল ক্ৰমে বিনোদ হাজৰিকা,চক্ৰধৰ গগৈ, মৃদুল কুমাৰ দত্ত,মৃণাল শইকীয়া আৰু বিশ্বজিৎ ফুকনে অংশগ্ৰহণ কৰি নিজ নিজ সমষ্টিৰ স্বাস্থ্য খণ্ডৰ বিভিন্ন বিষয় উত্থাপন কৰাৰ লগতে স্বাস্থ্যসেৱাৰ মান উন্নয়নৰ বাবে গঠনমূলক পৰামৰ্শ আগবঢ়ায়।
সভাত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী,স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ অভিজিৎ শৰ্মা, সহ বহু কেইগৰাকী স্বাস্থ্য বিভাগৰ বিষয়া উপস্থিত থাকে।
সভাৰ অন্তত সংশ্লিষ্ট জিলাসমূহত স্বাস্থ্য বিভাগৰ অগ্ৰাধিকাৰমূলক আঁচনিসমূহ অধিক গতিশীলভাৱে ৰূপায়ণ, আন্তঃবিভাগীয় সমন্বয় বৃদ্ধি আৰু জনসাধাৰণলৈ গুণগত স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় দিশ-নিৰ্দেশনা প্ৰদান কৰা হয়।

