
মৃন্ময় পাঠকঃ– উজনি অসমৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত এইবাৰ সংঘটিত হোৱা ভয়ংকৰ বান পৰিস্থিতিক কেৱল “গতানুগতিক বান” বুলি গণ্য নকৰি ইয়াক এক “মহাপ্ৰলয়” হিচাপে চিহ্নিত কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰাৰ জোৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই। লগতে অসমৰ জনসাধাৰণৰ দুখ-দুৰ্দশাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ অধিক সংবেদনশীলতা কামনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক “অসমৰ ৰাইজৰ মন কী বাত” শুনিবলৈ আহ্বান জনাইছে আছুৰ সভাপতি উৎপল শৰ্মাই। বজালী জিলা ছাত্ৰ সন্থাই উজনি অসমৰ বানপীড়িতসকলৰ বাবে সংগ্ৰহ কৰা সাহায্য সামগ্ৰীৰ তদাৰক কৰিবলৈ আজি পাঠশালাত উপস্থিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, “নিৰ্বাচনৰ সময়ত দুবাৰকৈ অসমলৈ আহিবলৈ সময় পোৱা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীগৰাকী এতিয়া ক’ত লুকাই আছে? এতিয়ালৈকে অসমৰ ৰাইজে প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ বহুত শুনিলে। এতিয়া প্ৰধানমন্ত্ৰীয়ে অসমৰ ৰাইজৰ ‘মন কী বাত’ শুনাৰ সময় আহিছে।” তেওঁ অভিযোগ কৰে যে, অসমৰ দৰে দুৰ্যোগপীড়িত ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ পৰা যি ধৰণৰ মৰম, আত্মীয়তা আৰু সহায়-সহযোগিতা লাভ কৰিব লাগিছিল, সেয়া এতিয়াও অনুভৱ কৰা হোৱা নাই। মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ফোনযোগে বান পৰিস্থিতিৰ খবৰ লোৱা বুলি কৈছে যদিও, কেৱল ফোনত খবৰ লোৱাই অসমৰ জনসাধাৰণৰ বাবে যথেষ্ট নহয় বুলি মন্তব্য কৰে শৰ্মাই। আছুৰ সভাপতিগৰাকীয়ে কয় যে, এইবাৰ উজনি অসমৰ তিনিখন জিলাত বানে সৃষ্টি কৰা ধ্বংসযজ্ঞ অসমৰ ইতিহাসত অতি বিৰল। “এই বিপৰ্যয়ক কেৱল সাধাৰণ বান বুলি গণ্য কৰিলে ভুল হ’ব। এয়া এক মহাপ্ৰলয়। সেয়ে চৰকাৰে যদি কেৱল গতানুগতিক ক্ষতিপূৰণৰ মাজতে নিজৰ দায়িত্ব সামৰিবলৈ বিচাৰে, তেন্তে এই অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়াল সম্পূৰ্ণৰূপে সৰ্বশ্ৰান্ত হৈ পৰিব,” বুলি তেওঁ সকীয়াই দিয়ে। উদ্ধাৰ অভিযান আৰু সাহায্য বিতৰণৰ কাম চলি থকাৰ কথা উল্লেখ কৰি শৰ্মাই চৰকাৰক এই দুয়োটা কাৰ্যসূচী অধিক ক্ষীপ্ৰ আৰু বিস্তৃত ৰূপত আগবঢ়োৱাৰ দাবী জনায়। একে সময়তে বানপীড়িত যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ পুনৰ্নিৰ্মাণ, কৃষি, জীৱিকা আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ পুনৰ্বাসনৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আহ্বান জনায়। আনহাতে, আছুৰ তৰফৰ পৰা ইতিমধ্যে চৰকাৰলৈ কেইবাটাও গুৰুত্বপূৰ্ণ দাবী প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দি শৰ্মাই কয় যে, বানৰ ফলত যিসকল ছাত্ৰ-ছাত্ৰীয়ে জন্মৰ প্ৰমাণ পত্ৰ, বাসিন্দাৰ প্ৰমাণ পত্ৰ, জাতিগত প্ৰমাণ পত্ৰ, শিক্ষাগত প্ৰমাণ পত্ৰ আদি হেৰুৱাইছে বা নষ্ট হৈছে, তেওঁলোকৰ বাবে অতি শীঘ্ৰে এক বিশেষ অনলাইন পৰ্টেল মুকলি কৰিব লাগে। এই পৰ্টেলৰ জৰিয়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, অসম ৰাজ্যিক শিক্ষা সংসদ আৰু স্কুল শিক্ষা বোৰ্ডৰ সৈতে সমন্বয় ৰক্ষা কৰি সকলো প্ৰয়োজনীয় নথি-পত্ৰ বিনামূলীয়াকৈ আৰু সহজ পদ্ধতিত পুনৰ প্ৰদান কৰিব লাগে বুলি তেওঁ দাবী জনায়। ইয়াৰ লগতে বানপীড়িত তিনিখন জিলাৰ সকলো শিক্ষাৰ্থীৰ আগন্তুক ষান্মাসিকৰ সম্পূৰ্ণ শিক্ষাখৰচ অসম চৰকাৰে বহন কৰাৰ দাবীও উত্থাপন কৰে আছুৰ সভাপতিগৰাকীয়ে। তদুপৰি, বানত ক্ষতিগ্ৰস্ত লোকসকলৰ গাড়ীৰ ঋণৰ ই এম আই কেইবামাহৰ বাবে শিথিল কৰিবলৈ বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহক চৰকাৰে বিশেষ নিৰ্দেশ জাৰি কৰিব লাগে বুলিও তেওঁ মত প্ৰকাশ কৰে। এই প্ৰলয়ংকাৰী বানৰ প্ৰকৃত কাৰণ ডাৱৰ বিস্ফোৰণ নে আন কোনো প্ৰাকৃতিক বা বৈজ্ঞানিক কাৰণ, সেয়া নিৰ্ধাৰণ কৰিবলৈ বিশেষজ্ঞ সমিতি গঠন কৰি উচ্চস্তৰীয় অনুসন্ধান চলোৱাৰ দাবীও জনায় উৎপল শৰ্মাই। উল্লেখ্য যে পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত বজালী জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ সৈতে মত-বিনিময় কৰাৰ উপৰি বান সাহায্য সংগ্ৰহ অভিযানৰ অগ্ৰগতিৰ বুজ লয় আছুৰ সভাপতিগৰাকীয়ে৷ বজালী জিলাৰ বিভিন্ন অঞ্চলত আছুৰ কৰ্মীসকলে দুৱাৰে দুৱাৰে গৈ যিদৰে খাদ্য সামগ্ৰী, নতুন কাপোৰ, চেনিটেৰী পেড, শুকান খাদ্য আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰিছে, তাৰ প্ৰশংসা কৰি তেওঁ সন্তোষ প্ৰকাশ কৰে। উল্লেখ্য যে, বজালী জিলা ছাত্ৰ সন্থাৰ এক বৃহৎ দল কাইলৈ পুৱাই সংগৃহীত সাহায্য সামগ্ৰীসমূহ লৈ উজনি অসমৰ বানপীড়িত যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ ৰাওনা হ’ব। এই সামগ্ৰীসমূহ প্ৰকৃত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত বিতৰণ কৰাৰ বাবে আছুৰ কেন্দ্ৰীয় নেতৃত্বই নিজে তদাৰক কৰিব বুলি জানিব পৰা গৈছে।

