
পাঠশালা, অবৈধ বনজ সম্পদৰ ব্যৱহাৰ আৰু বন ধ্বংসৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰ কৰি তুলিছে বন বিভাগে। সেই ধাৰাবাহিকতাত বজালী জিলাৰ বালাপাৰা অঞ্চলত চলি থকা এটা অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে। পাঠশালা খণ্ড বন বিষয়া হিৰকজ্যোতি তালুকদাৰৰ নেতৃত্বত চলোৱা এই অভিযানত পাঠশালা বন সংমণ্ডল কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকলেও অংশগ্ৰহণ কৰে। বন বিভাগৰ সূত্ৰই জনোৱা মতে, বৰপেটাৰোড বন বিষয়াৰ কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে বজালী জিলাৰ বিভিন্ন স্থানত অবৈধভাৱে চলি থকা কাঠফলা মিলসমূহৰ বিৰুদ্ধে বিশেষ অভিযান চলোৱা হৈছে। এই অভিযানৰ অংশ হিচাপেই বালাপাৰাত অভিযান চলাই অনুমতি অবিহনে পৰিচালিত হৈ থকা এখন কাঠফলা মিল জব্দ কৰা হয়। অভিযানৰ সময়ত মিলত ব্যৱহৃত বিভিন্ন সঁজুলি আৰু সামগ্ৰী বন বিভাগে নিজৰ জিম্মালৈ লয়।উল্লেখযোগ্য যে, অবৈধ কাঠফলা মিলৰ জৰিয়তে সংৰক্ষিত আৰু মূল্যৱান গছ কাটি কাঠৰ অবৈধ ব্যৱসায় চলোৱাৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে। এনে কাৰ্যকলাপে বনজ সম্পদৰ ক্ষতি কৰাৰ লগতে পৰিৱেশৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাই আহিছে। সেয়ে এই ধৰণৰ অবৈধ কাৰ্যকলাপ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লক্ষ্যৰে পাঠশালা বন বিভাগে নিয়মীয়াকৈ বিভিন্ন অঞ্চলত অভিযান চলাই আহিছে।পাঠশালা খণ্ড বন বিষয়া হিৰকজ্যোতি তালুকদাৰে কয় যে, বন আইন উলংঘা কৰি কোনো ব্যক্তিয়ে অবৈধভাৱে কাঠফলা মিল স্থাপন বা পৰিচালনা কৰিলে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বনজ সম্পদ সংৰক্ষণৰ স্বাৰ্থত এনে অভিযান আগন্তুক দিনতো অব্যাহত থাকিব বুলিও তেওঁ স্পষ্ট কৰে।ইফালে, বন বিভাগৰ এই পদক্ষেপক স্থানীয় সচেতন মহলে আদৰণি জনাইছে।

