
পাঠশালা,26 জুলাই, উজনিৰ বিভিন্ন জিলাত প্ৰলয়ংকাৰী বানে সৃষ্টি কৰা ভয়াবহ পৰিস্থিতিৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি আজি পাঠশালাত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বজালী জিলা সমিতিয়ে বান সাহায্য সংগ্ৰহ কৰে । বানত সৰ্বস্ব হেৰুওৱা হাজাৰ হাজাৰ লোকক সহায় কৰাৰ উদ্দেশ্য পাঠশালা নগৰৰ বিভিন্ন ৰাজপথ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু সাধাৰণ ৰাইজৰ ওচৰত বান সাহায্যৰ বাবে আৰ্থিক সহযোগিতা বিচাৰে আক্ৰাছুৰ বজালী জিলা সমিতিৰ নেতা,সদস্য সকলে । আক্ৰাছুৰ বজালী জিলা সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ ঠাকুৰীয়া,সম্পাদক সঞ্জয় ৰয়ৰ নেতৃত্বত ৰূপায়ন কৰা উক্ত বান সাহায্য সংগ্ৰহ অভিযানত আক্ৰাছু নেতা গকুল ৰয় , লংকেশ্বৰ পাঠক,শিশিৰ দাস,হৰেন ঠাকুৰীয়া, সদস্য অনিল ৰয়,জয়ন্ত ঠাকুৰীয়া,দিলীপ দাস,হেমন্ত ৰয়,শ্ৰীপদ ঠাকুৰীয়া, মদন ঠাকুৰীয়া সমন্বিতে ভালেসংখ্যকে উপস্থিত থাকে । আক্ৰাছুৰ বজালী জিলা সমিতিৰ বান সাহায্য সংগ্ৰহ অভিযান কাৰ্যসূচী আজিৰ পৰা পাঁচদিন ধৰি বজালী জিলাৰ ভিন্ন প্ৰান্তত চলিব ।

