পাঠশালাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক বিজন বায়নৰ সংবাদমেল সম্বোধন

বান পৰিস্থিতি সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ

বানত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালক বিশ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী

মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ বজালী জিলা সমিতিৰ

পাঠশালা,28 জুলাই,

উজনি অসমত সংঘঠিত হোৱা প্ৰলয়ংকাৰী বান বিভীষিকাত ক্ষতিগ্ৰস্থ ৰাইজক তাৎক্ষণিক ভাবে সকাহ দিয়া,পুনৰ্সংস্থাপন আৰু দীৰ্ঘম্যাদী বান ব্যৱস্থাপনা নিশ্চিত কৰাৰ দাবীত আজি পাঠশালাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিজন বায়নে এখন সংবাদমেল সম্বোধন কৰি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে । সংবাদমেলত পৰিষদৰ সাধাৰণ সম্পাদক বায়নে অসমৰ সম্পদ সমূহক কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সম্পদ বুলি কয় যদিও ৰাজ্যখনৰ
সমস্যা সমূহ ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব নিবিচাৰে বুলি উল্লেখ কৰি অসমৰ শেহতীয়া বান পৰিস্থিতিকলৈ কেন্দ্ৰীয় চৰকাৰৰ ভুমিকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । লগতে পৰিষদৰ নেতাগৰাকীয়ে নিৰ্বাচন সমূহত কেন্দ্ৰীয় নেতা সকল আহি আমাক নিজৰ পৰিয়ালৰ সদস্যৰ দৰে দেখাই যদিও কাৰ্যত বিপদৰ সময়ত অসমত আহি কেন্দ্ৰীয় চৰকাৰৰ নেতা সকলে খবৰ এটা লবলৈও আহৰি নাপাই বুলি কেন্দ্ৰ চৰকাৰক সমালোচনা কৰে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক বিজন বায়নে চৰকাৰক বানত মৃত্যু হোৱা প্ৰতিটো পৰিয়ালক ২০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবী জনোৱাৰ লগতে বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক ৫ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া, বানত গৃহহীন হোৱা প্ৰতিটো পৰিয়ালক ১ মাহৰ ভিতৰত পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্হা কৰাৰ দাবী জনাই। দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জড়িয়তে অতি সোনকালেই ক্ষতিপূৰণ সমূহ প্ৰদান কৰাৰ দাবী জনাই পৰিষদৰ সাধাৰণ সম্পাদক গৰাকীয়ে বানত ক্ষতিগ্ৰস্ত কৃষক সকলক কৃষি সজুলীৰ লগতে কৃষি শস্য প্ৰদান কৰাৰ উপৰিও সকলো কৃষি লোন ৰেহাই দিব লাগে বুলি দাবী উত্থাপন কৰি চৰকাৰী কৰ কাতল সমূহ এবছৰৰ বাবে ৰেহাই দিয়াৰ ব্যৱস্হা কৰাৰ লগতে বানাক্ৰান্ত সকলৰ সকলো ঋণৰ সূত এবছৰৰ বাবে ৰেহাই দিবলৈও দাবী জনায় । ইয়াৰ উপৰিও শৈক্ষিক প্ৰতিষ্ঠান সমূহে বানত ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীসকলৰ সকলো মাৰ্চিত, চাৰ্টিফিকেট সমূহ যোগান ধৰিব লাগে বুলি পৰিষদৰ সাধাৰণ সম্পাদক বায়নে শিক্ষা প্ৰতিষ্ঠান সমুহক দাবী জনাই ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰৰ সকলো মাচুল ৰেহাই দিব লাগে বুলিও চৰকাৰৰ শিক্ষা বিভাগক দাবী উত্থাপন কৰে । আনহাতে উজনিৰ শেহতীয়া ভয়াবহ বান কিদৰে সৃষ্টি হল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ তদন্ত কৰি ইয়াৰ প্ৰকৃত কাৰণ অসমৰ ৰাইজৰ আগত প্ৰকাশ কৰিব লাগে বুলি পৰিষদৰ সাধাৰণ সম্পাদক বিজন বায়নে মুখ্যমন্ত্ৰীক দাবী জনাই কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ বিপদৰ সময়ত এৰি দিয়া নীতিক পৰিষদে কঠোৰ বিৰোধিতা কৰিব বুলি উল্লেখ কৰে । আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ দাস আৰু সাধাৰণ সম্পাদক ৰাজীৱ বায়নৰ নেতৃত্বত আজি বজালী জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত পৰিষদৰ এটা সজাতি দল উপস্থিত হৈ শেহতীয়াকৈ ৰাজ্যখনত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত পৰিয়ালক সাহাৰ্য্য দিয়াৰ লগতে পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দই উত্থাপন কৰা দাবীসমূহ সন্নিৱিষ্ট এখন স্মাৰক পত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পৰিষদৰ বজালী জিলা সমিতিয়ে প্ৰেৰণ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *