বঙাইগাঁৱত বিশ্ব হেপাটাইটিছ দিৱস পালন

বঙাইগাঁওঃ ২৮ জুলাইঃ  বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত মঙলবাৰে ছিপনছিলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত  জিলা পৰ্যায়ৰ বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয় । এই জিলা পৰ্যায়ৰ অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ বাসুদেৱ মালাকাৰে। জিলাৰ মুখ্য স্বাস্থ্যবিষয়া ডাঃ গোপাল চন্দ্ৰ ৰায়, জিলা নীৰিক্ষণ বিষয়া ডাঃ বাদল চন্দ্ৰ সৰকাৰ , ছিপনছিলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া, ডাঃ বেনুকা কাৰ্কি,  জিলা মিডিয়া বিশেষজ্ঞ সংগীতা দাসৰ লগতে অন্যান্য স্বাস্থ্য বিষয়া, স্থানীয় সদস্য, স্থানীয় ৰাইজ, এএনএম, আশা চুপাৰভাইজৰ, আশা কৰ্মী আৰু অন্যান্য স্বাস্থ্যসেৱা কৰ্মচাৰী আদি উপস্থিত থকা অনুষ্ঠাটি সম্বোধন কৰি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ বাসুদেৱ মালাকাৰে জনস্বাস্থ্যৰ ভাবুকি হিচাপে ভাইৰাছজনিত হেপাটাইটিছ ৰোগ আঁতৰ কৰাৰ লক্ষ্যত উপনীত হ বলৈ হেপাটাইটিছ প্ৰতিৰোধ, সময়মতে ৰোগ নিৰ্ণয়, টিকাকৰণ আৰু চিকিৎসাৰ বিষয়ে সজাগতা বৃদ্ধিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। আনহাতে ডাঃ গোপাল চন্দ্ৰ ৰায়ে হেপাটাইটিছ প্ৰতিৰোধৰ বাবে সামূহিক অংশগ্ৰহণ, আগতীয়া পৰীক্ষা আৰু স্বাস্থ্যকৰ জীৱনশৈলীৰ অনুশীলনৰ গুৰুত্বৰ ওপৰত গুৰুত্বাৰোপ কৰে।  তেওঁ লগতে জাপানীজ এনকেফেলাইটিছ (জে. ই.) সম্পৰ্কে এক সজাগতা বক্তৃতা দাঙি ধৰি  জনসাধাৰণক প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু জ্বৰৰ ঘটনাসমূহৰ বিষয়ে তৎক্ষণাত স্বাস্থ্য বিষয়াক অৱগত কৰিবলৈ আহ্বান জনায়। সেইদৰে ডাঃ বাদল চন্দ্ৰ  সৰকাৰে নিৰীক্ষণ শক্তিশালী কৰা আৰু সংক্ৰামক ৰোগৰ আগতীয়াকৈ চিনাক্তকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে ডাঃ বেনুকা কাৰ্কিয়ে অনুষ্ঠানত অংশগ্ৰহণকাৰী সকলক আদৰণি জনায় আৰু জনসাধাৰণৰ মাজত ধাৰাবাহিক সজাগতা আৰু সামূহিক অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখ্য যে এই অনুষ্ঠানৰ পিছত জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত বিশ্ব হেপাটাইটিছ দিৱস তথা ৰোগবিধৰ পৰা হাতসাৰি থাকিবলৈ ল’বলগীয়া সজাগতাৰ ওপৰত এখন সংবাদ মেলৰ আয়োজন কৰে ৷ সংবাদ মেল সম্বোধন কৰে জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ বাসুদেৱ মালাকাৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *