
নলবাৰী : নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত টিহু ৰাজহ চক্ৰৰ নমাটি শাখা সাহিত্য সভাৰ সাধাৰণ সভা এখন ২৬ জুলাইৰ আবেলি নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হৈ যায়। সভাত পৌৰোহিত্য কৰে শাখা সভাখনৰ সভাপতি আদ্যবালা মজুমদাৰে। সভাত শাখাখনৰ সম্পাদক হীৰক ডেকাই সভা আয়োজনৰ উদ্দেশ্য আৰু প্ৰয়োজনীয়তা সন্দৰ্ভত বিৱৰি কোৱাৰ লগতে বিগত সময়ৰ শাখাখনৰ খতিয়ান অৱগত কৰে। অঞ্চলটোৰ ভালেসংখ্যক সাহিত্য, সংস্কৃতি অনুৰাগী লোকে ভাগ লোৱা সভাখনত বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শী আৰু শাখাখনৰ সদস্য ক্ৰমে ধীৰেশ্বৰ পাঠক, অৰ্চনা ঠাকুৰীয়া, বীণা মজুমদাৰ, হিমাংশু পাঠক, ৰজত মজুমদাৰ, হৃষীকেশ তালুকদাৰ, অমিয় ডেকা, কামিনী তালুকদাৰ, ধৰ্মেশ্বৰ তালুকদাৰ, ৰঞ্জিৎ ৰঞ্জন ডেকা, হেমপ্ৰভা তালুকদাৰ, বিকাশ কলিতা আদিয়ে সভা সন্দৰ্ভত বিভিন্ন ইতিবাচক আলোচনা আগবঢ়ায়। সভাত নিমন্ত্ৰিত বিশিষ্ট লোক হিচাপে ভাগ লৈ অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ সংগঠক বঁটা প্ৰাপক তথা নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বেজবৰুৱাই কয় যে অসম সাহিত্য সভাই অসমীয়া জাতীয় জীৱনক কিমান অৱদান দিছে সেয়া উপলব্ধিৰ বিষয়। সকলো ভাল মানুহে সভাৰ হৈ কাম কৰিব খোজে বুলি দোহাৰি তেওঁ আঞ্চলিকভাৱে সকলো বয়সৰ লোকৰ মাজত শাখা সভাৰ ভাবমূৰ্তি উজ্জ্বল কৰিবলৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ণেৰে কাম-কাজ ত্বৰান্বিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। কেইবাগৰাকী লোকে সাহিত্য বিষয়ক মতামত আগবঢ়োৱাৰ লগতে স্বৰচিত কবিতা পাঠ আৰু গীত পৰিৱেশন কৰি সভাখনক আকৰ্ষণীয় কৰি তোলে। সভাত অসম সাহিত্য সভাৰ আজীৱন সভ্য হোৱা অঞ্চলটোৰ ক্ৰমে হেমচন্দ্ৰ ঠাকুৰীয়া, পৰমা মজুমদাৰ, পৱিত্ৰ দাস, চন্দনা ঠাকুৰীয়া, হেমপ্ৰভা ঠাকুৰীয়া আৰু ৰাতুল তালুকদাৰক আজীৱন সভ্যৰ স্বীকৃতিপত্ৰ প্ৰদান কৰা হয়। অসম সংগীত পৰিৱেশনেৰে সভা সামৰা হয়।

