নলবাৰীত দেশভক্তি দিৱস উদযাপন ।

 ধ্ৰুৱ জ্যোতি মালাকৰ,নলবাৰী,২৮জুলাই:

নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু নলবাৰী জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজি দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু দিৱসটি “দেশভক্তি দিৱস”হিচাপে উদযাপন কৰা হয় । নলবাৰী সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত  অনুষ্ঠিত এই সভাত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগতে জিলা উন্নয়ন আয়ুক্ত যুগ কৃষ্ণ ৰাজবংশী,অতিৰিক্ত জিলা আয়ুক্ত মৌচুমী চেতীয়া আৰু কৌস্তভ ৰয়,সহকাৰী আয়ুক্ত শুভাংকৰ হৰে,অভিজিত কুণ্ডু, সুপৰ্ণা দে,কবিতা ফাংচ চৌধুৰী, স্বাধীনতা যুঁজাৰুৰ সহধৰ্মিনী লক্ষী ৰাণী দাস,বিভিন্ন বিভাগৰ বিষয়া,স্থানীয় শিক্ষানুষ্ঠানৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীৰ লগতে জ্যেষ্ঠ নাগৰিক সকল ও উপস্থিত থাকে। আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰভাগ কলেজৰ প্ৰাক্তন অধ্যক্ষ ফণীধৰ ডেকা । দেশভক্তি দিৱসৰ আজিৰ অনুষ্ঠানত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে বন্তি প্ৰজ্বলন কৰে আৰু শুভাৰম্ভণি ভাষণ দিয়ে।তেওঁ দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন সন্দৰ্ভত বক্তব্য আগবঢ়ায়। আজিৰ “দেশভক্তি দিৱস”উদযাপনৰ মুখ্য অতিথি ফণীধৰ ডেকাই দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন, স্বাধীনতা আন্দোলনত তেওঁৰ অৰিহণা,বক্তা হিচাপে তৰুণৰাম ফুকন, অধিবক্তা হিচাপে তৰুণৰাম ফুকন, অসম আৰু অসমীয়াৰ বাবে তৰুণৰাম ফুকনৰ কৰ্মৰাজিৰ ওপৰত বহলাই ব্যাখ্যা কৰে।তৰুণৰাম ফুকনদেৱৰ জীৱনৰ ওপৰত আলোকপাত কৰি শ্ৰী ডেকাই কয় যে তেওঁৰ জীৱনৰ আদৰ্শ আজিৰ প্ৰজন্মই অনুসৰণ কৰিব লাগে।তেওঁৰ বিষয়ে আজিৰ প্ৰজন্মই অধ্যয়ণ কৰিব লাগে,চৰ্চা কৰিব লাগে । আজিৰ অনুষ্ঠানত উপস্থিত থাকি চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বীৰেন শৰ্মায়ো বক্তব্য আগবঢ়ায়। আজিৰ অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে নলবাৰীৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিনু ৰাণী ৰাজবংশীয়ে । অনুষ্ঠানৰ আঁত ধৰে কিশোৰ কলিতাই।

Leave a Reply

Your email address will not be published. Required fields are marked *