বঙাইগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত দেশভক্তি দিৱস উদযাপন

বঙাইগাঁওঃ ২৮ জুলাইঃ বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মঙলবাৰে দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু বাৰ্ষিকী ‘দেশভক্তি দিৱস’ হিচাপে পালন কৰা হয়। জিলা প্ৰশাসন আৰু বঙাইগাঁও আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া উদ্যোগত পালন কৰা দিৱসৰ অনুষ্ঠানত অসমৰ স্বনামধন্য স্বাধীনতা সংগ্ৰামী তথা জাতীয়তাবাদী নেতাগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উল্লেখ্য যে, প্ৰতি বছৰে ২৮ জুলাইত এইগৰাকী বিশিষ্ট সমাজ সংস্কাৰক আৰু জাতীয়তাবাদী নেতাৰ স্মৃতিত ৰাজ্যজুৰি দেশভক্তি দিৱস পালন কৰি অহা হৈছে । অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়াই আদৰণী ভাষণ প্ৰদান কৰে। জিলা আয়ুক্তগৰাকীয়ে তেঁৱৰ ভাষণত মহান দেশপ্ৰেমিকগৰাকীৰ জীৱন আৰু সময়ৰ বিষয়ে বহলভাৱে বৰ্ণনা কৰাৰ লগতে তেঁৱৰ বহুমুখী ব্যক্তিত্বৰ পৰা আমি কি কি আদৰ্শ গ্ৰহণ কৰিব পাৰোঁ, সেই বিষয়ে আলোকপাত কৰে। ইয়াৰ পিছতে জিলা আয়ুক্তৰ লগতে আমন্ত্ৰিত অতিথিবৃন্দই দেশভক্ত তৰুণ ৰাম ফুকনৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সভালৈ আমন্ত্ৰিত মুক্তি যুঁজাৰু পৰিয়ালৰ সদস্যসকলক জিলা উন্নয়ন আয়ুক্ত ৰাজীৱ কুমাৰ দাসে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত মুখ্য বক্তা হিচাপে আমন্ত্ৰিত বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মাণিক চন্দ্ৰ শৰ্মাই মহান দেশভক্তগৰাকীৰ অগণন অৱদানৰ বিষয়ে বিশদভাৱে ভাষণ প্ৰদান কৰে। শৰ্মাই তেঁঁৱৰ ভাষণত উল্লেখ কৰে যে লণ্ডনৰ পৰা ‘বেৰিষ্টাৰ-এট-ল’ ডিগ্ৰী লাভ কৰি উভতি অহাৰ পিছত ফুকনে সেই সময়ৰ কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰিছিল ৷ ন্যায়ালয়ত ইংৰাজী ভাষাত যুক্তি প্ৰদৰ্শন কৰাৰ তেঁৱঁৰ ব্যতিক্ৰমী দক্ষতা আৰু ভাষাৰ ওপৰত থকা অসাধাৰণ দখলক কেৱল অধিবক্তাসকলেই নহয়, ন্যায়াধীশসকলেও ভূয়সী প্ৰশংসা কৰিছিল। এগৰাকী সুদক্ষ চিকাৰী হিচাপে তেওঁ লভা খ্যাতিৰ বিষয়েও মুখ্য বক্তাগৰাকীয়ে জীৱন্ত ৰূপত বৰ্ণনা কৰে। এনে এক ঈৰ্ষণীয় আৰু উজ্জ্বল আইনী কেৰিয়াৰ থকাৰ পিছতো তৰুণ ৰাম ফুকনে নিজ মাতৃভূমি অসমলৈ উভতি আহি মহাত্মা গান্ধীৰ আহ্বানত অসহযোগ আন্দোলনত জঁপিয়াই পৰি সমগ্ৰ জীৱন দেশৰ নামত উচৰ্গা কৰিছিল। অনুষ্ঠানত মুক্তি যুঁজাৰু পৰিয়ালৰ সদস্য আদিত্য কুমাৰ নাথেও দেশভক্তগৰাকীৰ সাহস, ত্যাগ আৰু জাতীয়তাবাদৰ ওপৰত আলোকপাত কৰে ৷ সেইদৰে  জিলা উন্নয়ন আয়ুক্ত ৰাজীৱ কুমাৰ দাসেও প্ৰাসংগিক ভাষণ আগবঢ়ায়। উল্লেখ্য যে অনুষ্ঠাৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে সমগ্ৰ অনুষ্ঠানটো সুচাৰুৰূপে আঁত ধৰে বঙাইগাঁও জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া ইফটিকাৰ জামানে। সভাত জিলাৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *