ঢেকীয়াজুলিত এবছুৰ ২ঘন্টীয়া ধৰ্ণা কাৰ্যসুচী

বড়ো চুক্তি ৰূপায়ণ আৰু বড়ো সকলৰ সমষ্যা সমাধানৰ দাবী

তপন সেন গুপ্ত, ঢেকিয়াজুলি, 27 জুলাই : ২০২০ চনত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে স্বাক্ষৰিত হোৱা ঐতিহাসিক বড়ো শান্তি চুক্তিৰ বাকী থকা দফা সমূহ শীঘ্ৰে ৰূপায়ন কৰাৰ

লগতে বড়ো সকলৰ সমষ্যা সমাধানৰ

দাবীত  আজি ঢেকীয়াজুনিৰ সমজিলা আয়ুক্তৰ কাৰ্য্যলয়ৰ সন্মুখত ৰাজ্যৰ সমান্তৰালভাৱে  শোণিতপুৰ  জিলা নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুয়ে  ৰাইজৰ সহযোগত ৰূপায়ণ কৰিলে দুঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী৷ পুৱা ১১বজাৰ পৰা ৰূপায়ণ কৰা এই ধৰ্ণা কাৰ্য্যসুচীত এবছুৰ প্ৰায় সহস্ৰাধিক নেতা -কৰ্মী সমৰ্থক সকলে হাতে হাতে প্লে-কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷প্ৰতিবাদকাৰী সকলে

আমাৰ দাবী মানিবই লাগিব;আমাৰ দাবী ন্যায্য দাবী;নিখিল বড়ো ছাত্ৰ সন্থা জিন্দাবদ আদি শ্লোগানেৰে এবছুৰ নেতা কৰ্মী সমৰ্থকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷এক সাক্ষাৎকাৰত এবছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক দিনেশ ব্ৰহ্মই কয়- আজি ছয় বছৰ আগতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বড়ো সকলৰ সকলো সংগঠনৰ লগত জনগোষ্ঠী টোৰ সকলো সমস্যা সমাধানৰ দাবীত যি শান্তি চুক্তি সম্পাদিত হৈছিল কিন্ত সেই শান্তি। চুক্তিৰ বহু দফা আজি ছয়বছৰে সম্পূৰ্ণ। নহল৷সেইহ আমি দাবী জনাইছো ভাৰত চৰকাৰ আৰু অসম চৰকাৰক যাতে অতি শীঘ্ৰে বড়ো শান্তি চুক্তিৰ বাকী থকা দফা সমূহ কাৰ্য্যকৰী কৰি তুলে৷২০২০ চনৰ ত্ৰিপাক্ষিক বড়ো শান্তি চুক্তিৰ বাকী থকা গুৰুত্বপূৰ্ণ দফা সমূহ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰা, সংসদত সংবিধানৰ ১২৫ সংখ্যক সংশোধনী বিধেয়ক (125th Constitutional Amendment Bill) দ্ৰুতগতিত গৃহীত কৰা,বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)-ৰ সমষ্টি  বৃদ্ধি কৰা আৰু প্ৰশাসনিক তথা বিত্তীয় ক্ষমতা অধিক শক্তিশালী কৰা আৰু চুক্তি অনুসৰি বাকী থকা শিক্ষা প্ৰতিষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণ আৰু ভূমিজনিত সমস্যাৰ স্থায়ী সমাধান কৰাৰ লগতে বড়ো সকলৰ বিভিন্ন সমষ্যাৰ শীঘ্ৰে সমাধানৰ দাবী জনায় এবছুৰ  নেতৃবৃন্দই ৷

নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ শোণিতপুৰ জিলা সমিতিৰ আহ্বানত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্য্যসুচীত এবছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক দিনেশ ব্ৰহ্ম,এৱছুৰ মুখপাত্ৰ অবিত নাৰ্জাৰী,শোণিতপুৰ জিলা এৱছুৰ সভাপতি ইউনিছ মুছাহাৰীৰ লগতে এবছুৰ কেবাগৰাকীও নেতাৰ লগতে ৰাইজ উপস্থিত থাকে ৷পাছত ঢেকীয়াজুলি সমজিলা আয়ুক্তৰ জৰিয়তে

ভাৰতৰ প্ৰধান মন্ত্ৰী,গৃহ মন্ত্ৰী আৰু অসমৰ ৰাজ্যপাল,মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে দাবী সম্বলিত  স্মাৰক পত্ৰ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *