মাজুলীত স্বাস্থ্যসেৱা ব্যৱস্থাৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

৫০খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় আৰু জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন; স্বাস্থ্য সূচক সন্দৰ্ভত পৰ্যালোচনা

উত্তৰ কমলাবাৰী সত্ৰত সেৱা আগবঢ়ালে মন্ত্ৰীগৰাকীয়ে

মাজুলী, ২৭ আগষ্ট:

আজি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ইত্যাদি বিভাগৰ মন্ত্ৰী অশোক সিংহলে মাজুলী ভ্ৰমণ কৰি জিলাখনৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ লগতে চিকিৎসা সেৱা, স্বাস্থ্য আন্তঃগাঁথনি আৰু সামগ্ৰিক স্বাস্থ্য ব্যৱস্থাৰ বুজ লয়।

মন্ত্ৰীগৰাকীয়ে পুৱা শ্ৰীৰাম চাপৰিস্থিত ৫০খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়খন পৰিদৰ্শন কৰি ইয়াত চলি থকা স্বাস্থ্যসেৱা, চিকিৎসা ব্যৱস্থা আৰু সামগ্ৰিক পৰিচালনাৰ বুজ লয়। পৰিদৰ্শনৰ সময়ত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ লগতে চিকিৎসাধীন ৰোগী আৰু অভিভাৱকসকলৰ সৈতেও পোনপটীয়াকৈ মত-বিনিময় কৰে। চিকিৎসালয়খনৰ বিভিন্ন সমস্যা আৰু প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত হোৱাৰ লগতে চিকিৎসা সেৱা অধিক উন্নত কৰাৰ বাবে তেওঁলোকৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে পৰিদৰ্শনৰ সময়ত প্ৰত্যক্ষ কৰা সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব। পৰম্পৰাগত আয়ুৰ্বেদিক চিকিৎসা সেৱাৰ সৈতে আধুনিক স্বাস্থ্যসেৱাৰ সুসমন্বয় ঘটাই মাজুলীবাসীৰ বাবে শক্তিশালী, সহজলভ্য আৰু গুণগত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি গঢ়ি তোলাই চৰকাৰৰ অন্যতম লক্ষ্য বুলি তেওঁ উল্লেখ কৰে।

ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে মাজুলীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ অন্যতম পীঠস্থান শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰ দৰ্শন কৰে। মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য বদলা পদ্ম আতাই ১৫৯৫ শকত প্ৰতিষ্ঠা কৰা এই ঐতিহাসিক সত্ৰভাগিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সেৱা আগবঢ়ায়। সত্ৰ দৰ্শনৰ সময়ত ভকত-বৈষ্ণৱৰ হৰিনামৰ ধ্বনি আৰু সত্ৰীয়া সংস্কৃতিৰ সুপ্ৰাচীন ঐতিহ্যৰ মাজত কিছু সময় অতিবাহিত কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীৰ মংগল আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা কৰে। জনসেৱাৰ এই বাটত মহাপুৰুষসকলৰ আদৰ্শ আৰু আশীৰ্বাদে সদায় পথ দেখুৱাই যাব বুলি তেওঁ আশা প্ৰকাশ কৰে।

ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ চলিত চিকিৎসা সেৱা, আন্তঃগাঁথনি আৰু অন্যান্য ব্যৱস্থাপনাৰ বুজ লয়। পৰিদৰ্শনৰ সময়ত চিকিৎসক, স্বাস্থ্যকৰ্মী, ৰোগী আৰু অভিভাৱকসকলৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰি চিকিৎসা সেৱাৰ ক্ষেত্ৰত থকা সমস্যা, অভিজ্ঞতা আৰু প্ৰয়োজনীয়তাৰ বিষয়েও অৱগত হয়।

মন্ত্ৰীগৰাকীয়ে কয় যে মাজুলীৰ প্ৰতিগৰাকী নাগৰিকে যাতে নিজৰ জিলাতে উন্নত আৰু মানসম্পন্ন স্বাস্থ্যসেৱা লাভ কৰে, সেই লক্ষ্যৰে চৰকাৰে নিৰন্তৰভাৱে কাম কৰি আছে। পৰিদৰ্শনৰ সময়ত প্ৰত্যক্ষ কৰা সমস্যাসমূহ সমাধানৰ বাবে অতিশীঘ্ৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও তেওঁ আশ্বাস দিয়ে।

দিনটোৰ কাৰ্যসূচীৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে মাজুলী জিলা আয়ুক্ত কাৰ্যালয়ত জিলাখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিভিন্ন স্বাস্থ্য সূচক সন্দৰ্ভত এক পৰ্যালোচনা কৰে। জিলাখনৰ মাতৃ আৰু শিশু স্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ, স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ সেৱা, চিকিৎসা আন্তঃগাঁথনি আৰু বিভিন্ন স্বাস্থ্য কাৰ্যসূচীৰ অগ্ৰগতিৰ বিষয়ে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে আলোচনা কৰে। জিলাখনৰ স্বাস্থ্য সূচকসমূহ অধিক উন্নত কৰাৰ বাবে ক্ষেত্ৰভিত্তিক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ আৰু স্বাস্থ্যসেৱাৰ সুবিধাসমূহ ৰাইজৰ কাষলৈ অধিক ফলপ্ৰসূভাৱে লৈ যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আজিৰ ভ্ৰমণকালত মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন গাম, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত সচিব মুনীন্দ্ৰ নাথ নাংটে, স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মীসকলকে ধৰি সংশ্লিষ্ট বিষয়াসকল মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *