দৰং জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

cm-at-Darrang

এই মথাউৰিসমূহ অতি শক্তিশালী ৰূপত নিৰ্মাণ কৰি উলিওৱাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব

ষ্টাফ ৰিপ’টাৰ দৰং, 8 আগষ্ট : ড: হিমন্ত বিস্ব শৰ্মাই আজি মঙলদৈৰ সমষ্টিৰ বেঙাবডা আৰু নাহৰবাৰীত উপস্হিত হৈ শেহতীয়া বান পৰিস্থিতিৰ প্ৰত্যক্ষ বুজ লয । নোবা নৈৰ মথাউৰিৰ ভঙা অংশ পৰিদৰ্শন কৰাৰ লগতে চলি থকা মেৰামতিৰ কাম কাজৰ বুজ লয । সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত মুখ্য মন্ত্ৰীয়ে কয় যে শেহতীয়া বানে এই অঞ্চলৰ মথাউৰি ভাঙি নিযাৰ ৰাইজ যথেষ্ট দুৰ্যোগ আৰু কষ্টৰ সন্মুখীন হব লগীয়া হৈছে । আজি ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে জলসম্পদ বিভাগে হাতত লোৱা মেৰামতিৰ কাম কাজৰ খতিয়ান লয বুলি সদৰি কৰি ভবিষ্যতে এই মথাউৰিসমূহ অতি শক্তিশালী ৰূপত নিৰ্মাণ কৰি উলিওৱাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে ।আজিৰ পৰিদৰ্শন কালত মন্ত্ৰী অশোক সিংহল , মন্ত্ৰী নিলিমা দেবী , বিধায়ক পৰমানন্দ ৰাজবংশী , আয়ুক্ত আযুসী জৈন, জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল উপস্হিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *