
আমিনগাঁও, ২৬ আগষ্ট ২০২৬:
অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী বিশ্বজিৎ দৈমাৰীয়ে অহা ২৮ আগষ্ট ২০২৬ তাৰিখে হ’বলগীয়া উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে আজি আমিনগাঁও সাঁতোৰ প্ৰকল্পত অৱস্থিত ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ(সাঁতোৰ) পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত কামৰূপ জিলাৰ জিলা আয়ুক্ত শ্ৰীদেৱ কুমাৰ মিশ্ৰও উপস্থিত থাকে। উল্লেখযোগ্য যে উদ্বোধনী বিশেষ কাৰ্যসূচীত অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে (SAI) উৎসৰ্গা কৰিবলগীয়া এই ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ (সাঁতোৰ)ত ১৩০৯ আসন বিশিষ্ট দৰ্শক গ্যালৰীৰ ব্যৱস্থা আছে। এই প্ৰকল্পটোত ৫০ মিটাৰ × ২৫ মিটাৰ মাপৰ ৫০ মিটাৰ দৈৰ্ঘ্যৰ ৯টা লেনযুক্ত মূল প্ৰতিযোগিতামূলক racing pool আৰু ৫ মিটাৰ গভীৰতাৰ ২৫ মিটাৰ × ২০ মিটাৰ মাপৰ এটা ডাইভিং পুখুৰী অন্তৰ্ভুক্ত হৈ আছে।
এই কেন্দ্রটোত ৩০ গৰাকী এথলীটৰ প্ৰশিক্ষণৰ সুবিধা থাকিব। ইয়াত এটা সুকীয়া পাকঘৰ আৰু আহাৰ গ্ৰহণ কক্ষৰো ব্যৱস্থা কৰা হৈছে।
২৮ আগষ্টৰ কাৰ্যসূচীত অসম ক্ৰীড়া প্ৰাধিকৰণ (SAA), ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI) আৰু ভাৰতীয় বেডমিণ্টন সন্থা (BAI)ৰ মাজত এক বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰো অনুষ্ঠিত হ’ব।
পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ সকলো সুবিধা আৰু আগন্তুক কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয়।

