Skip to content
- Home
- News
- অসম চৰকাৰৰ উদ্যোগত আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ সহযোগত বুধবাৰে জ্ঞান জ্ঞান অন্বেষণ যাত্ৰা “আৰোহণ” কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় । শিক্ষামূলক আৰোহণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই । কামৰূপ জিলাৰ ২৭৬ খন বিদ্যালয়ৰ ২৭৬ গৰাকী ছাত্ৰ-ছাত্ৰীক জ্ঞান অন্বেষণ যাত্ৰা “আৰোহন”ৰ বাবে ৯ খন বাহনৰ ফ্লেগ অৱ কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় । অহা ২৯ আগষ্টলৈ আৰোহণ আঁচনিৰ অধীনত আই আই টি গুৱাহাটী, AIIMS গুৱাহাটী, বা’য়টেক পাৰ্ক, শংকৰদেৱ কলাক্ষেত্ৰ, চিৰিয়াখানা, গুৱাহাটী বিজ্ঞান গৱেষণা কেন্দ্ৰ আদি বিভিন্ন স্থানত জ্ঞান অন্বেষণৰ বাবে লৈ যোৱা হ’ব । অনুষ্ঠানৰ ফ্লেগ অৱ কাৰ্যসূচীত উপস্থিত থাকে কামৰূপ জিলা শিক্ষা বিষয়া তপন কুমাৰ কলিতা । উল্লেখ্য আৰোহন যাত্ৰাৰ বাবে ১৬ গৰাকী শিক্ষাগুৰু মেন্টৰ হিচাপে নিয়োগ কৰা হৈছে ।